ডিফু,১১ মে': কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন ইএম মঙলচিং ইংতিৰ ৰবৰ গুদামত অগ্নিকাণ্ড । মঙলবাৰে পুৱা এই অগ্নিকাণ্ড সংঘটিত হয় । ডিফুৰ ৰংমংৱেত থকা ৰবৰ গুদামটোত শুকুৱাই মজুত কৰি ৰখা হাজাৰ হাজাৰ টকাৰ ৰবৰ জ্বলি যায় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ৷

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই আন ঠাইলৈ বিয়পি যোৱাৰ পৰা ৰক্ষা পৰে ৷ গুদামটোৰ নিচেই কাষতে আছে এগৰাকী প্ৰাক্তন ইএম বিদ্যাছিং ৰংপিৰ বাসগৃহ । অৱশ্যে জুইৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে তেওঁৰ বাসগৃহ ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা