ডিফু, ১৫ ডিচেম্বৰ : এক ভয়াবহ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ডিফু চহৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ চহৰৰ দৈনিক মাছ বজাৰৰ সমীপত নিশা সংঘটিত হোৱা অগ্নিকাণ্ড (Massive fire at diphu) ৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল এখন গেলামালৰ দোকান ৷ মঙলবাৰে নিশা প্ৰায় ১ বজাত মাছৰ বজাৰৰ সমীপতে থকা ডিটিচি ব্লক নম্বৰ ১০ আৰু ৰুম নম্বৰ ২ ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷
উল্লেখ্য যে, তামোল-পাণৰ পাইকাৰী দোকান সমূহৰ লাইনত থকা গেলামাল দোকানখনৰ পৰাই জুইৰ সূত্ৰপাত ঘটে(massive fire at diphu) ৷ উক্ত দোকানখনৰ গৰাকী ডিফুৰ শীতলাবাৰীৰ নিৱাসী মনতোশ ভৌমিক বুলি জানিব পৰা গৈছে ৷ ডিফু চহৰত কৰ্মৰত নৈশ চকীদাৰ চপন মালাকাৰে উক্ত ঘটনাৰ সন্দৰ্ভত ডিফু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷ উক্ত অগ্নিকাণ্ডত প্ৰায় তিনি লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷
বুধবাৰে পুৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্থানীয় মনোনিত সদস্য অজিৎ দে-এ সেই স্থানত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ঊৰ্ধতম কৰ্তৃপক্ষৰ দ্বাৰা দোকানৰগৰাকীক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক : Drugs peddlers arrested in Dilai : ডিলাইত হেৰ'ইনসহ দুই সৰবৰাহকাৰী কৰায়ত্ত