ETV Bharat / state

দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ - ভাৰত ভূষণ মহন্ত

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ দৰঙৰ পৰা চুৰি কৰি অনা গাড়ীসহ দুই গভাইত গাড়ী চোৰ আটক ৷

দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ
author img

By

Published : Sep 11, 2019, 8:21 PM IST

ডিফু, ১১ ছেপ্তেম্বৰ:- কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ বুধবাৰে কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীৰ তৎপৰতাত দৰঙ জিলাৰ পৰা চুৰি কৰি অনা দুই গভাইত গাড়ী চোৰক গাড়ীসহ আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা অনুসৰি দৰঙ জিলাৰ দেওমৰণৈ ৰান্ধনি সত্ৰ গাঁও নিবাসী তথা দৰঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তৰ নিজা ঘৰৰ পৰাই মঙলবাৰে পুৱতি নিশা AS-13G-৮০১৭ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন চুৰি কৰি নিয়ে৷

Manja police
দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰঃ আটক দুই চোৰ

ইয়াৰ পিচতে নাগালেণ্ডৰ ডিমাপুৰত গাড়ীচোৰৰ দলটোৱে গাড়ীখন বিক্ৰী কৰিবলৈ আনে ৷ বিশেষ সূত্ৰৰ পম খেদি মঙলবাৰে সন্ধিয়া ৭ বজাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতত্বত যোৱা এটা অভিযানকাৰী দলে অভিযান চলাই চুৰি হোৱা গাড়ীসহ দুই দূৰ্ধৰ্ষ গাড়ী চোৰক জালত পেলাবলৈ সক্ষম হয় ৷ ধৃত গাড়ীচোৰ দুটা দৰঙ জিলাৰ মঙলদৈৰ নিজদহি বণিয়াপাৰা গাঁৱৰ সুৰজ বণিয়াৰ পুত্ৰ পৱন বণিয়া আৰু বৰখটৰা গাঁও নিবাসী লাভাৰ কলিতাৰ পুত্ৰ ভৱেশ কলিতা বুলি চিনাক্ত কৰা হৈছে ৷ বৰ্তমান দুই চোৰক সোধ পোচ অব্যাহত ৰাখিছে কাৰ্বি আংলঙ আৰক্ষীয়ে ৷

Intro:মাঞ্জাত দুই দূৰ্ধৰ্ষ গাড়ীচোৰ গ্ৰেপ্তাৰ ৷ দৰঙৰ পৰা চুৰি কৰি অনা গাড়ী মাঞ্জাত উদ্ধাৰ ৷
----------------------------------------
ডিফু, ১১ ছেপ্তেম্বৰ:- কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ প্ৰত্যাশিত ভাবে কাৰবি আংলঙ জিলাৰ মাঞ্জা আৰু ডিলাইৰ দৰে এলেকাক একাংশ দূৰ্ধৰ্ষ গাড়ীচোৰে নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ পিছত শেহতীয়াকৈ মাঞ্জা আৰক্ষীৰ তৎপৰতাত দৰঙ জিলাৰ পৰা চুৰি কৰি অনা দুই গভাইত গাড়ী চোৰক গাড়ী সহ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ঘটনাৰ বিৱৰণি অনুসৰি দৰঙ জিলাৰ দেওমৰণৈ ৰান্ধনি সত্ৰ গাওঁ নিবাসী তথা দৰঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তৰ নিজা ঘৰৰ পৰাই কালি পুৱতি নিশা এএছ ১৩ জি ৮০১৭ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখন চুৰি কৰি নিয়ে ৷ সাধাৰণতে আন্তৰাজ্যিক চুৰি গাড়ীৰ বিক্ৰি কেন্দ্ৰ হিচাপে চৰ্চিত হোৱা নাগালেণ্ডৰ ডিমাপুৰত গাড়ীচোৰৰ দলটোৱে গাড়ীটো বিক্ৰি কৰিবলৈ আনে ৷ এক বিশেষ সুত্ৰৰ পমখেদি কালি সন্ধিয়া প্ৰায় ৭ মান বজাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতত্বত এটা অভিযানকাৰী দলে অভিযান চলাই চুৰি হোৱা গাড়ী সহ দুই দূৰ্ধৰ্ষ গাড়ী চোৰক জালত পেলাবলৈ সক্ষম হয় ৷ ধৃত গাড়ীচোৰ দুটা দৰঙ জিলাৰ মঙলদৈৰ নিজদহি বণিয়াপাৰা গাঁৱৰ সুৰজ বণিয়াৰ পুত্ৰ পৱন বণিয়া ( ২৩) আৰু একে জিলাৰ মঙলদৈৰ বৰখটৰা গাওঁ নিবাসী লাভাৰ কলিতাৰ পুত্ৰ ভৱেশ কলিতা (২০) বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ এই বৃহৎ সফলতাক সচেতন মহলে শলাগ লৈছে ৷

ছাইদুল ইছলাম, ডিফুBody:*****-Conclusion:*********
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.