ETV Bharat / state

বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক - ছেলিম উদ্দিন

নির্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মাঞ্জা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 376/325/34 ধাৰাত 28/2020 নম্বৰত এক গোচৰ ৰুজু কৰি অৱশেষত দেওবাৰে বিয়লি ডিফু মাঞ্জা পথৰ মাঞ্জাৰ খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত ছেলিম উদ্দিনক ৷

Manja police apprehended a rape accused
Manja police apprehended a rape accused
author img

By

Published : Aug 24, 2020, 10:28 PM IST

ডিফু, 24 আগষ্ট : মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ তিলমানো কুণ্ঠাবোধ নকৰে একাংশ কু-চৰিত্ৰ লোকে ৷

প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ হিদিম টেৰণ গাঁৱত যুৱতী ধর্ষণৰ অভিযোগত আৰক্ষীয়ে দেওবাৰে বিয়লি এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । হিদিম টেৰণ নদীপাৰৰ এগৰাকী একৈশ বছৰীয়া যুৱতীক উক্ত স্থানৰে ছেলিম উদ্দিন (27) নামৰ যুৱক জনে যোৱা 21 আগষ্টৰ বিয়লি তিনি বজাত যুৱতীগৰাকীক কৌশলেৰে নিজ ঘৰলৈ মাতি ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । পিছত যুৱতীগৰাকীয়ে অভিযুক্ত ছেলিমৰ পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰাত ছেলিমৰ পিতৃ মাতৃয়ে এই অভিযোগ সম্পূর্ণৰূপে অস্বীকাৰ কৰাৰ লগতে যুৱতীগৰাকীক মাৰ ধৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত যুৱকগৰাকী । ইয়াৰ পিছতে নির্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালে মাঞ্জা থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত মাঞ্জা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 376/325/34 ধাৰাত 28/2020 নম্বৰত এক গোচৰ ৰুজু কৰি অৱশেষত দেওবাৰে বিয়লি ডিফু মাঞ্জা পথৰ মাঞ্জাৰ খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ৰ সমীপৰ পৰা অভিযুক্ত ছেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে চাওক-বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ : দলগাঁৱত মোদী, সৰ্বাৰ প্ৰতিকৃৰ্তি দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.