ডিফু, 14 ছেপ্তেম্বৰঃ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে নৱগঠিত উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমুকৈ ডিএনএলএৰ এগৰাকী মহিলা লিংকমেনক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এজন ব্যৱসায়ীৰ পৰা ধন আদায় কৰাৰ গোপন স্বীকোৰোক্তিৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীয়ে মাঞ্জা থানা এলেকাধীন আপাৰ ইকৰাণীৰ নিজ ঘৰৰ পৰা টুনকিম বডোচা নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলা লিংকমেনগৰাকীৰ পৰা নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷
কাৰ্বি আংলঙৰ মাঞ্জাত ডিএনএলএৰ লিংকমেন আটক - Diphu news
মাঞ্জাত ডিএনএলএৰ মহিলা লিংকমেন আটক ৷ মাঞ্জা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে উগ্ৰপন্থী সংগঠনটোৰ মহিলা লিংকমেন গৰাকীক ৷
ডিফু, 14 ছেপ্তেম্বৰঃ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে নৱগঠিত উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মী চমুকৈ ডিএনএলএৰ এগৰাকী মহিলা লিংকমেনক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এজন ব্যৱসায়ীৰ পৰা ধন আদায় কৰাৰ গোপন স্বীকোৰোক্তিৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীয়ে মাঞ্জা থানা এলেকাধীন আপাৰ ইকৰাণীৰ নিজ ঘৰৰ পৰা টুনকিম বডোচা নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলা লিংকমেনগৰাকীৰ পৰা নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷
ডিফু, ১৪ ছেপ্তেম্বৰ:- কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে নৱগঠিত উগ্ৰপন্থী সংগঠন ডিমাছা নেছনেল লিবাৰেছন আৰ্মী চমুকৈ ডিএনএলএৰ এগৰাকী মহিলা লিংকমেনক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিএনএলএৰ পৰা মাঞ্জাৰ এগৰাকী বালি ব্যৱসায়ীক ডিএনএলৰ তৰফৰ পৰা ৫০ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ী জনে ২০ হাজাৰ টকা দিবলৈ সন্মত হয় আৰু উক্ত ধনৰ বাবে ব্যৱসায়ীজনৰ ঘৰত এগৰাকী মহিলা আহি ব্যৱসায়ী জনৰ পৰা ধনখিনি লৈ যায় ৷ পিছত আৰক্ষীয়ে গম পাই ব্যৱসায়ী জনক এই সন্দৰ্ভত সোধ পোছ কৰাত ব্যৱসায়ী জনে উক্ত মহিলাজনীক ২০ হাজাৰ টকা দিয়া বুলি কয় ৷ ব্যৱসায়ী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীয়ে মাঞ্জা থানা এলেকাধীন আপাৰ ইকৰাণীৰ নিজ ঘৰৰ পৰা টুনকিম বডোচা (৩২) নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলা লিমকমেনজনীৰ পৰা নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাত ২৩/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(খ), ৩৮৭/৩৪ ত এক গোছৰ ৰুজো দি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ধৃত মহিলা গৰাকী ডিএনএলএৰ ছেকেণ্ড লেফটেনেণ্ট হাওলাট নুনিছা ওৰফে ৰাইথাইৰ পত্নী টুনকিম বডোছা (৩২) বুলি জানিব পৰা গৈছে ৷ মাঞ্জা আৰক্ষীৰ প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে ৷
ছাইদুল ইছলাম, ডিফু ৷Body:***********Conclusion:********--**