ডিফু, ২৬ ফেব্ৰুৱাৰী : পুনৰ কাৰ্বি আংলঙত অঘটন ৷ কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লংখ্ৰাং গাঁৱত পত্নীহন্তা স্বামীয়ে কৰিলে আত্মহনন (Man killed his wife and hanged himself) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷
ঘটনাৰ বিৱৰণি অনুসৰি, লংখ্ৰাং গাঁৱত দুদিন পূৰ্বে অৰ্থাৎ 24 ফেব্ৰুৱাৰীৰ দিনা নিজ পত্নীক দাৰে ডিঙি কাটি হত্যা কৰে কৃষ্ণা ৰাজগড় নামৰ এজন লোকে (Sensational murder in Karbi Anglong) ৷ এই ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰিছিল অভিযুক্ত কৃষ্ণা ৰাজগড়ে ৷
কিন্তু শনিবাৰে পুৱাই লংখ্ৰাং গাঁৱত পুনৰ সংঘটিত হয় আন এক অঘটন ৷
অভিযুক্ত কৃষ্ণা ৰাজগড়ক একেখন গাঁৱৰে এজন লোকৰ ঘৰৰ ভঁৰালত ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে গাঁৱৰ লোকে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত কৰা হয় খটখটি আৰক্ষীক ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ডিফুলৈ ৷ উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত খটখটী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক : Sensational murder at Diphu: বিড়ি নিদিয়াৰ বাবেই প্ৰাণ ললে পিটলিৰ