ডিফু,22 নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত স্থাপন কৰা হ’ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি । শনিবাৰে বকলীয়াঘাটৰ হালধিআটী গাঁৱত অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নিৰ্মল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পৰৱৰ্তী চিলাৰায় দিৱস বকলীয়াঘাটৰ হালধিআটীত অনুষ্ঠিত কৰা, কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ বাবে বকলীয়াঘাটত স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা, সন্মিলনীৰ গাঁও আৰু আঞ্চলিক সমিতিসমূহ পুনঃগঠন কৰাকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক : চৰাইদেউৰ মাহমৰাত বিশ্ব ঐতিহ্য সপ্তাহ পালন