ETV Bharat / state

ডিফুত মে-ডাম-মে-ফী পালন - মৈদাম তৰ্পণেৰে কার্যসূচীৰ শুভাৰম্ভ

কার্বি আংলং তাই আহােম কালছাৰেল চছাইটিৰ উদ্যোগত ডিফুৰ ধৰমনলাস্থিত ছ্যুকাফা ভৱনত দুদিনীয়া কার্যসূচীৰে মে-ডাম-মে-ফী পালন কৰা হয় ।

ডিফুত মে-ডাম-মে-ফী পালন
ডিফুত মে-ডাম-মে-ফী পালন
author img

By

Published : Jan 31, 2021, 8:00 PM IST

ডিফু , ৩১ জানুৱাৰী : সমগ্র ৰাজ্যখনৰ লগতে ডিফু চহৰতাে উলহ-মালহেৰে আহােম সকলৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী পালন কৰা হয় । কার্বি আংলং তাই আহােম কালছাৰেল চছাইটিৰ উদ্যোগত ডিফুৰ ধৰমনলাস্থিত ছ্যুকাফা ভৱনত দুদিনীয়া কার্যসূচীৰে এই উৎসৱ পালন কৰা হয় । চছাইটীৰ সভাপতি দেৱ কুমাৰ গগৈয়ে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে বিয়লি আহােমসকলৰ পৰম্পৰাগত পূজা আগবঢ়ােবা হয় ।

ডিফুত মে-ডাম-মে-ফী পালন

দেওবাৰে পুৱা মৈদাম তৰ্পণেৰে কার্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছত আহােমসকলৰ পৰম্পৰাগত বিধি-বিধানৰ মাজেৰে মে-ডাম-মে-ফীৰ কার্যসূচী সম্পন্ন কৰা হয় । পাটসাঁকোৰ পৰা অহা কেইবাগৰাকী মলুঙে মে-ডাম-মে-ফীৰ সকলাে মাংগলিক কাম-কাজ সম্পন্ন কৰে । মে-ডাম-মে-ফীৰ কার্যসূচীক লৈ ডিফু নগৰৰ আহােম সম্প্রদায়ৰ লােকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে মে-ডাম-মে-ফীৰ জৰিয়তে সমাজৰ সকলাে অপায়-অমংগল দূৰ হ'ব বুলি সকলােৱে আশা প্রকাশ কৰে । অনুষ্ঠানত কাৰ্বি আংলং তাই আহোম কালচাৰেল ছচাইটিৰ বিষয়-ববীয়াৰ লগতে অঞ্চলটো বহু লোক উপস্থিত থাকে ৷

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত শিৱসাগৰত 'মে ডাম মে ফী' পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.