ETV Bharat / state

MAC Visited Assam Nagaland Border : তিলোত্তমা হাঞ্চুৰ অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন - KAC CEM Tuliram Ronghang

এমএচি তিলোত্তমা হাঞ্চুৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন (MAC Tilottma Hanchu visited Assam Nagaland border) । চৰকাৰৰ বিভিন্ন আঁচনি, মাটিৰ পট্টা, সীমান্ত পথ সন্দৰ্ভত ৰাইজৰ সৈতে মত-বিনিময় ৷

Diphu
Diphu
author img

By

Published : Dec 30, 2022, 1:53 PM IST

এমএচি তিলোত্তমা হাঞ্চুৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন

ডিফু, ২৯ ডিচেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত (Karbi Anglong Autonomous Council) পৰিষদীয় সমষ্টিৰ এমএচি (Member of Autonomous Council) তিলোত্তমা হাঞ্চুৱে শুকুৰবাৰে ১৯ নং ধনশিৰি সমষ্টিটোৰ অধীনৰ অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন দুৰ্গম অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷ এমএচিগৰাকীয়ে ডিমাপুৰৰ গাতে লাগি থকা প্ৰথমে দিছাপুৰ অঞ্চল ভ্ৰমণ কৰে (MAC Tilottama Hanchu visited Assam Nagaland border) ৷

দিছাপুৰত স্থানীয় বাসিন্দাৰ সৈতে মত-বিনিময় কৰি অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰা অৰুণোদয়কে আদি কৰি বিভিন্ন আঁচনিসমূহৰ লাভ জন সাধাৰণে পাইছেনে নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰে ৷ অৰুণোদয় (Arunodoy scheme Assam Govt), ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আদি নথি যদি স্থানীয় ৰাইজে লাভ কৰা নাই তেনেহ'লে শীঘ্ৰে এই আঁচনিসমূহ আহৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপিবলৈ আহ্বান জনায় ৷ বিশেষকৈ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নথকা লোকসকলক শীঘ্ৰে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে আবেদন জনাবলৈ পৰামৰ্শ দিয়ে ৷

এমএচিগৰাকীয়ে কয় যে আধাৰ কাৰ্ডৰ অবিহনে চৰকাৰী আঁচনি লাভ কৰাত অসুবিধা হয় ৷ আধাৰৰ জৰিয়তে চৰকাৰী আঁচনি সহজে লাভ কৰিব পাৰে বুলি এমএচিগৰাকীয়ে জানিবলৈ দিয়ে ৷ দিছাপুৰত এমএচিগৰাকীয়ে আৰু সমষ্টিটোৰ অধীনস্থ অতি দুৰ্গম দিখামচি নামৰ গাঁওখনত উপস্থিত হৈ সীমান্তঞ্চলৰ বাট-পথসমূহ পৰিদৰ্শন কৰে ৷

সীমামূৰীয়া অঞ্চলটোৰ চৰকাৰী আঁচনিৰ সুবিধা জনসাধাৰণে লাভ কৰিছেনে নাই সেই সন্দৰ্ভতো স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সীমান্ত বাট-পথ নিৰ্মাণৰ লগতে বিজুলী, পানী আৰু সৌৰচাকিৰ ব্যৱস্থা কৰাৰ আপ্ৰাণ চেষ্টা কৰা হ'ব বুলি কয় এমএচিগৰাকীয়ে ৷ আনহাতে, এমএচিগৰাকীয়ে দুয়োখন দুৰ্গম গাঁৱৰ লোকৰ মাজত কম্বল, আঁঠুৱা আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ৷

উক্ত অঞ্চলত নগা দুৰ্বৃত্তসকলে বহু বছৰ ধৰি আগ্ৰাসন চলাই আহিছে । সেয়ে অঞ্চলটোত সুৰক্ষাৰ বাবে শীঘ্ৰে এটা বিঅ'পি (BOP) স্থাপন কৰাৰ দাবী তোলে ৷ এমএচিগৰাকীয়ে এই সন্দৰ্ভত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাং (KAC CEM Tuliram Ronghang) আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সৈতে আলোচনামৰ্মে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক :Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.