ETV Bharat / state

DNLA Leaders warm welcome: ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ নেতাক উষ্ম আদৰণি

author img

By

Published : May 1, 2023, 11:04 PM IST

ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ নেতাসকলক দেওবাৰে ধনশিৰিত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় (DNL Leaders warm welcome)। সংগঠনটোৰ অধ্যক্ষ ইতিকা ডিফুছাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

DNLA Leaders warm welcome
ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ নেতাক উষ্ম আদৰণি

ডিফু, ১ মে’ : যোৱা ২৭ এপ্ৰিলত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ নেতাসকলক দেওবাৰে ধনশিৰিত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় (DNL Leaders warm welcome)।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সংগঠনটোৰ অধ্যক্ষ ইতিকা ডিফুছাই এই সন্দৰ্ভত জনায় যে, আমাৰ দাবী আছিল যে ডিমাছাসকলৰ হেৰাই যোৱা বসতিস্থানসমূহ ঘূৰাই পাব লাগে (peace agreement) ৷ পূৰ্বৰ চৰকাৰে আমাৰ দাবীসমূহক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল ৷ কিন্তু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত আমাক সহযোগ কৰাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

তেওঁ লগতে কয় যে, ৰাজনৈতিকভাৱে তেঁওলোকে সাংসদ, বিধায়ক আদিৰ দাবীও উত্থাপন কৰিব যাতে ৰাজনৈতিকভাৱে ডিমাছা জাতিটোক শক্তিশালী ৰূপে আগুৱাই নিয়াৰ লগতে ডিমাছা বসতি প্ৰধান অঞ্চলসমূহৰ উন্নয়ন হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত গভীৰ আস্থা ৰাখি শান্তি চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰে অধ্যক্ষই ।

উল্লেখ্য যে, যোৱা 27 এপ্ৰিলত অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মীয়ে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ সৈতে এক শান্তি চুক্তিত স্বাক্ষৰ কৰে (MoU between DNLA and Govt) ৷ বুজাবুজি চুক্তি অনুসৰি (MoU between DNLA and Govt), ডি এন এল এয়ে সকলো অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি সংবিধান মানি চলিব । মুঠ ১৭৯ জন ডিএনএলএ কেডাৰে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ সমৰ্পণ কৰিব । এই চুক্তি অনুসৰি ডিমাছা জনজাতীয় অঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰত্যেকেই ৫০০ কোটি টকাকৈ আগবঢ়াব ।

উল্লেখযোগ্য যে, শান্তি চুক্তি অনুসৰি চৰকাৰে ডিমাছা বসতি প্ৰধান এলেকাৰ উন্নয়নৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাষৰীয়া ডিমাছা বসতি প্ৰধান এলেকাক ডিমা হাছাও জিলাত সংলগ্ন কৰা, ৰাজ্যৰ আন ডিমাচা বসতি প্ৰধান এলেকাক লৈ উন্নয়ন পৰিষদৰ গঠন কৰা, প্ৰাক্তন বিদ্ৰোহীসকলক আৰ্থিক সাহায্য দিয়াৰ লগতে আন্তঃগাথঁনি উন্নয়ন কৰা প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে ।

লগতে পঢ়ক: MoU between DNLA and Govt: ডিএনএলএৰে চুক্তি স্বাক্ষৰৰ পিচতেই অসমত অন্ত পৰিল জনজাতীয় সশস্ত্ৰ আন্দোলনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.