ETV Bharat / state

নাগালেণ্ডৰ পৰা ৰে'ল লাইনেৰে খোজ কাঢ়ি ডিফুত উপস্থিত শতাধিক শ্ৰমিক

অসমৰ সীমামুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা শতাধিক শ্ৰমিকে ৰে'ল লাইনেৰে খোজ কাঢ়ি কাঢ়িয়েই উপস্থিত হৈছে ডিফুত ৷ ইতিমধ্যে ডিফু পানবাৰী গাঁওৰক্ষী বাহিনীয়ে শ্ৰমিক সকলক খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে স্থাস্থ্য বিভাগ আৰু আৰক্ষীক অৱগত কৰে ৷

ETV BHARAT
নাগালেণ্ডৰ পৰা ৰে'ল লাইনেৰে খোজকাঢ়ি ডিফুত উপস্থিত শতাধিক শ্ৰমিক
author img

By

Published : Apr 27, 2020, 2:53 PM IST

ডিফু, 27 এপ্ৰিলঃ নাগালেণ্ডৰ পৰা ৰে'ল লাইনেৰে খোজকাঢ়ি ডিফুত উপস্থিত হয় শতাধিক শ্ৰমিক ৷ দুদিন ধৰি খোজকাঢ়ি ডিফুত উপস্থিত হয় শতাধিক শ্ৰমিক ৷

নাগালেণ্ডৰ পৰা ৰে'ল লাইনেৰে খোজকাঢ়ি ডিফুত উপস্থিত শতাধিক শ্ৰমিক

লক ডাউনত আবদ্ধ হোৱা লোকসকলক নিজ নিজ ঘৰলৈ ওভতি যোৱাৰ বাবে চৰকাৰে ৰাজ্যজুৰি আন্তঃজিলা পৰিবহন ব্যৱস্থা আৰম্ভ কৰাৰ সময়তেই ডিফুত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ অসমৰ সীমামুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা শতাধিক শ্ৰমিকে ডিমাপুৰ-ডিফু ৰে'ল লাইনেৰে খোজ কাঢ়ি কাঢ়িয়েই উপস্থিত হৈছে ডিফুত ৷

আনহাতে,উপায়ন্তৰ হৈ শ্ৰমিকসকলে ৰে'ল লাইনৰ ওপৰেৰে খোজ কাঢ়িয়েই যাবলৈ ওলাইছে নিজ নিজ ঘৰলৈ ৷ ইয়াৰে অধিকাংশ শ্ৰমিকেই বিহাৰৰ লোক, কিছুলোক ধুবুৰী কোকৰাঝাৰ,নগাওঁ,হোজাই আদি জিলাৰ ৷ নাগালেণ্ডৰ ডিমাপুৰত কিছু লোকে অট'চালক আৰু কিছুলোকে দিন হাজিৰা কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল ৷ ডিফু ৰে'ল লাইনৰ পদপথত উপস্থিত হোৱা শ্ৰমিকসকলক আহি থকা অৱস্থাত ডিফুৰ পানবাৰী বড়োগাঁও গাঁওৰক্ষী বাহিনীয়ে শ্ৰমিক সকলক উদ্ধাৰ কৰি কিছু খাদ্যৰ যোগান ধৰাৰ লগতে আৰক্ষী আৰু স্বাস্থ্য বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত স্থাস্থ্য বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিক সকলক উদ্ধাৰ কৰে ৷ আনহাতে,ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় ৷ ইয়াৰে বিহাৰৰ শ্ৰমিকসকলক কাৰ্বি আংলং জিলা প্ৰশাসনৰ তত্বাৱধনাত ৰখাৰ বিপৰীতে হোজাই,ধুবুৰী আৰু বৈঠালাংছ' নগাঁও, আৰু কোকৰাঝাৰৰ লোকসকলক নিজ নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক- দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত SSB জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.