ETV Bharat / state

Arunachal liquor seized : খটখটীত লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ - খটখটীত আৰক্ষীৰ অভিযান

খটখটীত আৰক্ষীৰ অভিযান ৷ এই অভিযানত মিঠাতেলৰ কাৰ্টনৰ তলত লুকুৱাই অনা ৮৬৯ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে (Large number of Arunachal liquor seized at Diphu)৷ যাৰ বজাৰ মূল্য কেইবালক্ষাধিক বুলি জানিব পৰা গৈছে ৷

Arunachal liquor seized
মিঠাতেলৰ কাৰ্টনৰ তলত লুকুৱাই অনা ৮৬৯ কাৰ্টন অৰুণাচলী সুৰা জব্দ
author img

By

Published : Apr 3, 2023, 9:49 PM IST

ডিফু, ৩ এপ্ৰিল : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো ৰাজ্যত অসম আৰক্ষীয়ে নাকী লগাব পৰা নাই সুৰাৰ ব্যৱসায়ী তথা সৰবৰাহকাৰীক ৷ বৰ্তমানো ৰাজ্যত চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কাৰ্বি আংলং জিলা আৰক্ষীয়েও ধাৰাবাহিকভাৱে নিসিদ্ধ সুৰাৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ কিয়নো বিভিন্ন সময়ত কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সুৰা সৰবৰাহৰ বহু তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে সোমবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে (Large number of Arunachal liquor seized at Diphu)। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এন এল -০১-এ ই-৩৬৬৬ নম্বৰৰ ট্ৰাকখনত আৰক্ষীয়ে চলাই তালাচী অভিযান ৷ এই অভিযানত আৰক্ষীয়ে বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰাৰ ৮৬৯ টা কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Illegal liquor seized : শোণিতপুৰত ২৫ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক আটক

জব্দ হোৱা সুৰাখিনিৰ বজাৰ মূল্য কমেও প্ৰায় ২২ লাখ টকা বুলি জানিব পৰা গৈছে (Arunachal liquor seized)। এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক-হেণ্ডিমেন ক্ৰমে ৰুফচান আলি আৰু ইছমাইল হুছেইনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আৰক্ষীৰ সুৰা বিৰোধী ধাৰাবাহিক অভিযানত ক্ৰমে আলু, পিয়াঁজ পৰিবহন কৰা ট্ৰাক, চেনি পৰিবহন কৰা ট্ৰাকত লাখ লাখ টকাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ মাজতে আজি মিঠাতেল কঢ়িওৱা ট্ৰাকত পুনৰ অবৈধ সুৰা উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আনহাতে, কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ নিচ্ছিদ্ৰ তালাচী থকাৰ পিচতো সৰবৰাহকাৰীয়ে সমান্তৰালভাৱে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰখা কাৰ্যকলৈ সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : Arunachal liquor seized: ৰঙাপৰাত আবকাৰী বিভাগে জব্দ কৰিলে কাৰ্টনে কাৰ্টনে সুৰাৰ বটল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.