ডিফু, ১৪ ফেব্রুৱাৰী: কোচ-ৰাজবংশীকে আদি কৰি অসমৰ ছটা জনগােষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰাৰ লগতে বিভিন্ন জাতি-জনগােষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠন প্রক্রিয়া অব্যাহত থকাৰ সময়তে এইবাৰ কার্বি আংলং জিলাত বসবাস কৰি থকা কুকি জনজাতিসকলৰ বাবে এখন সুকীয়া স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত সৰৱ হৈ পৰিছে কুকি জনজাতীয় লােকসকল ।
কেইবাটাও কুকি জাতীয় সংগঠনৰ নেতৃবর্গই গুৱাহাটীত মুখ্যমন্ত্রীক সাক্ষাৎ কৰি কার্বি আংলঙত বসবাস কৰি থকা কুকিসকলৰ বাবে এক আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে দাবী জনায় । এই সন্দর্ভত সংগঠনটোৱে কুকি নেছনেল এছেম্বলিৰ সভাপতি হেচন চিটলহৌ, সাধাৰণ সম্পাদক মিমিন চংলই, মুখপাত্র জাংলুন তুৰই, কুকি গাঁওবুঢ়া সন্থাৰ সভাপতি-সম্পাদক ক্রমে চেহমাং চিংচন আৰু চেইহাও খজেম, পিপলছ ডেমক্রেটিক এলায়েঞ্চ ফৰ কুকিগাম সভাপতি-সম্পাদক ক্রমে জাংলুন হাংছিং আৰু জাংলেন কিপগেন, কুকি লিবাৰেছন ফ্রন্টৰ সভাপতি লালমিনথাং চংলইসহ কেইবাগৰাকী শীৰ্ষ নেতাৰ স্বাক্ষৰিত এখন স্মাৰকপত্রও মুখ্যমন্ত্রীগৰাকীক প্রদান কৰে ।
স্মাৰকপত্রত উল্লেখ কৰা অনুসৰি কার্বি আংলং জিলাৰ ডিফু আৰু ধনশিৰি এলেকাত কমেও ২৭ হাজাৰৰ অধিক কুকি জনজাতিৰ লােক বসবাস কৰি আহিছে। মূলতঃ পাহাৰীয়া পিছপৰা এলেকাত বসবাস কৰি অহা কুকিসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে কুকিসকলৰ এখন সুকীয়া আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে স্মাৰকপত্রযােগে দাবী জনায় ।
আনহাতে, মিজোৰামৰ লুচাই পাহাৰত থকা পাৰি-লেখাৰ জনজাতিৰ লােকসকলে মাত্র পােন্ধৰ হাজাৰ লােকৰ জনসংখ্যাৰে আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ লাভ কৰাৰ প্রসংগৰ উদ্ধৃতি দি কার্বি আংলং জিলাত বসবাস কৰি থকা কুকিসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে কুকি আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটোৱেই একমাত্র পথ বুলি উল্লেখ কৰে ।
উল্লেখযােগ্য যে, বিজেপিৰ শাসনকালত অসমৰ থলুবা জনজাতিসকলক স্বায়ত্বশাসন প্রদান কৰি অহাৰ পৰিপ্রেক্ষিতত কুকিসকলেও উন্নতি আৰু বিকাশৰ স্বার্থত চৰকাৰৰ পৰা সঠিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্রকাশ কৰিছে । অসম আৰক্ষীৰ এডিজিপি হীৰেন নাথাে উক্ত আলােচনাত উপস্থিত আছিল বুলি কুকি নেশ্যনেল এছেম্বলিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক:বাক্সাৰ তামুলপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত 1