ETV Bharat / state

কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও মেঘালয়ক দিয়া নহ'ব : কাৰ্বি ছাত্ৰ সন্থা - লাইচান ইংলেঙ

অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা আলোচনাৰ পাছতে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২ ত কাৰ্বিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২২ টা জনগোষ্ঠীৰ গাঁৱত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে লাইচান ইংলেঙে ৷ মেঘালয়ৰ এনে চেষ্টাক সংগঠনটোৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে বাধা প্ৰদান কৰিছে ৷

KSA press meet
কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও মেঘালয়ক দিয়া নহ'ব
author img

By

Published : Aug 7, 2021, 1:49 PM IST

ডিফু, ৭ আগষ্ট : অৱশেষত অসম-মেঘালয় সীমান্তৰ কাৰ্বি আংলঙৰ ভূমিত মেঘালয়ৰ বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে কাৰ্বি ছাত্ৰ সন্থা ৷ যাৰ বাবে ডিফু-লামডিং ৰোডস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলযোগে সংগঠনটোৱে মেঘালয়ৰ বেদখলক লৈ ক্ষোভ উজাৰে । কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইচান ইংলেঙে এই ক্ষেত্ৰত অসম চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনায় ৷

সংবাদমেলৰ আৰম্ভণিতে অসম-মিজোৰাম সীমান্তত অসমৰ আৰক্ষীৰ জোৱানক কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৰ শীৰ্ষ নেতা গৰাকীয়ে ৷ অসম-মেঘালয়ৰ সীমা সমস্যাকলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা আলোচনাৰ পাচতে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২ত কাৰ্বিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২২ টা জনগোষ্ঠীৰ গাঁৱত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে লাইচান ইংলেঙে ৷ মেঘালয়ৰ এনে চেষ্টাক সংগঠনটোৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে বাধা প্ৰদান কৰিছে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যাক লৈ কৰা আলোচনাৰ সিদ্ধান্ত যিয়ে নহওক কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ক দিয়া নহয় তাৰ প্ৰতি সতৰ্ক কৰি দিয়ে নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Tuliram Ronghang) সততে বুকু ফিন্দাই কৈ অহা "কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমি কাকো এৰি দিয়া নহ'ব" বুলি কোৱা কথাষাৰৰ মৰ্যাদা অটুট ৰাখিবলৈ সংগঠনটোৱে আহ্বান জনাইছে ৷

মেঘালয়ে কাৰ্বি আংলঙৰ ভূমিত এনেদৰে আগ্ৰাসন অব্যাহত ৰাখিলে ১ ইঞ্চিৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ বহু ভূমিখণ্ড মেঘালয়ৰ হাতলৈ যাব পাৰে বুলি শংকিত হৈছে সংগঠনটো ৷ কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী কাৰ্বি আংলঙৰ ২৬ খনকৈ গাঁৱত মেঘালয়ৰ লোকে বিভিন্ন নিৰ্মাণ কাৰ্যও চলাইছে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে ৷ কাৰ্বি আংলঙৰ ভূমিত মেঘালয়ৰ আগ্ৰাসনৰ এনে কুটিল ষড়যন্ত্ৰ কেতিয়াও সহ্য নকৰে বুলি সংগঠনটোৱে মেঘালয় চৰকাৰক সকীয়াই দিয়ে ।

লগতে মেঘালয়ৰ আগ্ৰাসনৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷ সংগঠনটোৰ উপদেষ্টা লাইচান ইংলেঙে অসম চৰকাৰ, মেঘালয় চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদক অসম-মেঘালয় সীমা সমস্যাকলৈ আলোচনাত বহিবলৈ আহ্বান জনায় । ইফালে কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও যাতে মেঘালয়ত অন্তৰ্ভূক্ত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক :আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ দিয়া এজন লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.