ETV Bharat / state

১১ আৰু ১২ অক্টোবৰত কাৰ্বি আংলঙত মটৰ চাইকেল চেৰিটি ইভেণ্ট - KARBIANGLONG

অহা ১১ আৰু ১২ অক্টোবৰত কাৰ্বিআংলং মটৰ চাইকেল ক্লাবৰ উদ্যোগত শিলভেটাত অনুষ্ঠিত হ'ব চেৰিটি ইভেণ্ট । উক্ত অনুষ্ঠানৰ ইভেণ্ট সমূহত শ্ল' বাইক ৰেচ্, মল্ল যুঁজ, বাইক লিফটিঙ ইত্যাদি প্ৰতিযোগিতা থাকিব বুলি জনায় উদ্যোক্তা সকলে ৷

অহা ১১ আৰু ১২ অক্টোবৰত শিলভেটাত অনুষ্ঠিত হ'ব মটৰ চাইকেল চেৰিটি ইভেণ্ট
author img

By

Published : Oct 9, 2019, 10:49 PM IST

ডিফু, ৯ অক্টোবৰ: কাৰ্বি আংলঙৰ শিলভেটাত পৰ্যটন থলী সমূহৰ গৰিমা বৰ্দ্ধনৰ বাবে অহা ১১ আৰু ১২ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব চেৰিটি মটৰ চাইকেল ইভেণ্ট অনুষ্ঠানৰ ৷ এই সন্দৰ্ভত জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে কাৰ্বি আংলং মটক চাইকেল ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি নকচাৰ কাথাৰ আৰু সম্পাদক ইৰাজ ইংতিয়ে ।

অহা ১১ আৰু ১২ অক্টোবৰত কাৰ্বিআংলং মটৰ চাইকেল ক্লাবৰ উদ্যোগত শিলভেটাত অনুষ্ঠিত হ'ব চেৰিটি ইভেণ্ট । উক্ত চেৰিটি ইভেণ্টত উত্তৰ- পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ প্ৰায় ১৫০ মটৰ চাইক্লিষ্ট ৰাইডাৰে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ উক্ত অনুষ্ঠানটি উদ্বোধন কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ইয়াৰোপৰি সম্মানীয় আৰু বিশিষ্ট অতিথি হিচাপে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু জিলা পৰ্যটন বিষয়াৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকিব বুলি সংবাদমেলযোগে সদৰি কৰে ৷ তাৰোপৰি উক্ত অনুষ্ঠানৰ ইভেণ্ট সমূহত শ্ল' বাইক ৰেচ্, মল্ল যুঁজ, বাইক লিফটিঙ ইত্যাদি প্ৰতিযোগিতা থাকিব বুলি জনায় ৷ এই অনুষ্ঠান যোগে কাৰ্বি আংলঙৰ পৰ্যটনথলী সমূহক বিশ্ব দৰবাৰত উন্নত ৰূপত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷

Intro:পৰ্যটন থলীক উন্নত কৰাৰ উদ্দেশ্যলৈ ১১, ১২ অক্টোবৰৰ পৰা শিলভেটাত মটৰ চাইকেল চেৰিটি ইভেণ্ট ৷

ডিফু, ৯ অক্টোবৰ:- কাৰবি আংলঙৰ মনমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ পৰ্যটন থলী সমূহৰ গৰিমা বৰ্দ্ধনৰ বাবে অহা ১১ আৰু ১২ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীলৈ কাৰবি আংলং জিলাৰ অন্যতম পৰ্যটন থলী শিলভেটাত চেৰিটি মটৰ চাইকেল ইভেণ্ট অনুষ্ঠিত কৰা হ'ব ৷ এই সন্দৰ্ভত আজি জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা অৱগত কৰে কাৰবি আংলং মটক চাইকেল ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি নকচাৰ কাথাৰ আৰু সম্পাদক ইৰাজ ইংতিয়ে ৷ দুয়োগৰাকী বাইকাৰ নেতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি অহা ১১ আৰু ১২ অক্টোবৰত কাৰবি আংলং মটৰ চাইকেল ক্লাবৰ উদ্যোগত শিলভেটাত অনুষ্ঠিত হবলগীয়া চেৰিটি ইভেণ্টত উত্তৰ- পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ প্ৰায় ১৫০ মটৰ চাইক্লিষ্ট ৰাইডাৰে অংশ গ্ৰহণ কৰিব ৷ ইয়াত থাকিব মিজোৰাম,নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা,মেঘালয়, ছিকিম, অসম, অৰুণাচল আৰু বিদেশৰ নেপাল আৰু ভূটানৰ অংশ গ্ৰহণো উল্লেখযোগ্য ৷ উক্ত ইভেণ্টৰ শুভ উদ্ধোধন কৰিব কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ইয়াৰোপৰি সম্মানীয় আৰু বিশিষ্ট অতিথি হিচাপে থাকিব জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু জিলা পৰ্যটন বিষয়া লগতে গণ্য মান্য ব্যক্তি সকল ৷ উক্ত অনুষ্ঠানৰ ইভেণ্ট সমূহত থাকিব স্ল' বাইক ৰেচ্, মল্ল যুঁজ, বাইক লিফটিঙ ইত্যদি খেল ৷ উক্ত অনুষ্ঠানৰ মূল উদ্দেশ্য কাৰবি আংলঙৰ পৰ্যটনথলী সমূহক বিশ্ব দৰবাৰত উন্নত ৰূপত দাঙি ধৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷

ছাইদুল ইছলান, ডিফু ৷Body:*********Conclusion:********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.