ডিফু,১৭ ফেব্ৰুৱাৰী: কাৰ্বি আংলঙৰ তাৰালাংছ'ত ১৫ ফেব্ৰুৱাৰীৰ ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱৰ । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এই মহোৎসৱত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি আৰু সমন্বয়ৰ অপূৰ্ব সমন্বয় ঘটা পৰিলক্ষিত হৈছে ৷ সৰু-বৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিবেশৰ মাজত তাৰালাংছ'ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত তৃতীয় দিনাও উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷

৮২৭ বিঘা ভুমিৰ বৃহৎ প্ৰকল্পটোত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে পৰম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত কৰি ৰাখিছে । কাৰ্বি যুৱ মহোৎসৱৰ বাবে তাৰালাংছ'ৰ বৃহৎ প্ৰকল্পত থকা স্থায়ী আচেথাই (মুকলি মঞ্চ) সমূহত জনজাতীয় যুৱ শিল্পীসকলে নিজৰ নিজৰ শিল্প শৈলী প্ৰদৰ্শন কৰিছে ৷

বুধবাৰৰ কাৰ্যসূচী অনুসৰি জনজাতীয় ক্ৰীড়া 'হামবি কেপাথু' ঘিলা গুটি খেলৰ লগতে জনগোষ্ঠীয় নৃত্য গীত, কুইজ প্ৰতিযোগিতা, হেমফু মক্ৰাং খেল পথাৰত কেংডংডাং খেল,, জনজাতীয় বজাৰত বোৱা কটা প্ৰতিযোগিতা, বাঁহ আৰু কাঠ শিল্পৰ প্ৰতিযোগিতা,ৰিতনং চিংদি নৃত্যৰ লগতে আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া জয়ছিং ৰংৰি আৰু জয়ৰাম তিচ' সাংস্কৃতিক সন্ধিয়া আৰু ছেমছনছিং ইংতি মঞ্চত সন্মিলিত কাৰ্বি যুৱ সন্থাৰ উদ্যোগত মিষ্টাৰ কেৱাইএফ ২০২১ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷