ETV Bharat / state

Assam Meghalaya border issue: কাৰ্বি পাহাৰত জ্বলিছে ক্ষোভৰ তুঁহ জুই

author img

By

Published : Sep 7, 2022, 10:06 PM IST

অসম-মেঘালয় সীমান্তৰ বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাত পশ্চিম কাৰ্বি আংলং জিলাৰ সুদীৰ্ঘ সীমা বিশেষকৈ ব্লক-১, ব্লক-২ ৰূপে খ্যাত অঞ্চল মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱাৰ আকাংশাত ভুগিছে পাৰ্বত্য জিলাবাসীয়ে । বুধবাৰে জইন্ট ক- অৰ্ডিনেছন কমিটী ফৰ প্ৰটেক অ’টনামি নামৰ সংগঠনটোৱে এখন সৰ্বদলীয় সভা আহ্বান কৰে ।

Assam Meghalaya border issue
Assam Meghalaya border issue

ডিফু, 7 ছেপ্টেম্বৰ: অসম চৰকাৰ আৰু মেঘালয়ৰ মাজত সীমা বিবাদ মীমাংসাক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলাত দল-সংগঠনৰ মাজত অসন্তুষ্টি ক্ৰমাৎ স্পষ্ট হৈ পৰিছে (Karbi organisations on Assam Meghalaya border issue) ৷ ক্ৰমাৎ উমি উমি জ্বলিব ধৰিছে পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং । অসম-মেঘালয়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি দুয়োখন চৰকাৰে বিবাদ মীমাংসাৰ বাবে লোৱা গীভ এণ্ড টেক পলিচিয়ে দুয়োখন পাৰ্বত্য জিলাত এতিয়া সংশয় সৃষ্টি কৰিছে (Assam Meghalaya border dispute in Karbi Anglong) ।

অসম-মেঘালয় সীমান্তৰ বিবাদৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাত পশ্চিম কাৰ্বি আংলং জিলাৰ সুদীৰ্ঘ সীমা বিশেষকৈ ব্লক-১, ব্লক-২ ৰূপে খ্যাত অঞ্চল মেঘালয়ৰ অন্তৰ্ভুক্ত হোৱাৰ আকাংশাত ভুগিছে পাৰ্বত্য জিলাবাসীয়ে । বুধবাৰে জইন্ট ক- অৰ্ডিনেছন কমিটী ফৰ প্ৰটেক অ’টনামি নামৰ সংগঠনটোৱে এখন সৰ্বদলীয় সভা আহ্বান কৰে ।

কাৰ্বি পাহাৰত জ্বলিছে ক্ষোভৰ তুঁহ জুই

মূলতঃ অসম-মেঘালয় সীমা বিবাদত জিলাখনৰ সীমা অন্তৰ্ভুক্ত হোৱাক লৈ এই সৰ্বদলীয় সভাখন আহ্বান কৰা হৈছিল ।

সভাত এএছডিচি, চিপিআই হিলছ, এইচএলচি, আদি ৰাজনৈতিক দল আৰু বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰে । অসম-মেঘালয় সীমা বিবাদ মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা চলাইছে তাক লৈ দল-সংগঠন সমূহে উৎকণ্ঠা প্ৰকাশ কৰে । সকলো দল-সংগঠনে একমত পোষণ কৰে যে, সীমা বিবাদ মীমাংসাৰ নামত গিভ এণ্ড টেক পলিচি মানি লোৱা নহ'ব ।

দল-সংগঠন সমূহৰ ধাৰণা পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকা খাচী আৰু জয়ন্তীয়া লোকৰ গাঁও আছে । অসম চৰকাৰৰ দুৰ্বলতাৰ বাবেই মেঘালয় চৰকাৰে তাত উন্নয়নমূলক কাম কৰি নিজৰ উপস্থিতি প্ৰতিপন্ন কৰিছে । সেয়েহে, এই অঞ্চল মেঘালয়ে নিজৰ বুলি দাবী উত্থাপন কৰিছে ।

এই সভাত জিলাখনৰ ভূমি এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক (Karbi Anglong Autonomous council) এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱা হয় ।

আনহাতে, এএছডিচি দলে আজি এখন সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলং জিলাৰ সীমান্তৰ ব্লক-১, ব্লক-২ মেঘালয়ক এৰি দিয়া নহ'ব বুলি হুংকাৰ দি এনে পৰিস্থিতিত অসমৰ পূৰ্বৰ ৰাজধানী শ্বিলং অসম চৰকাৰক দাবী কৰিবলৈ আহ্বান জনাই মেঘালয়ৰ পৰা শ্বিলং ঘূৰাই অনাৰ দাবী কৰে ।

উল্লেখযোগ্য যে, অসম-মেঘালয়ৰ দ্বিতীয় পৰ্যায়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি আগন্তুক দিনত কাৰ্বি আংলং জিলাৰ পৰিস্থিতি অধিক অৱনমিত ঘটাৰ সম্ভাৱনা অধিক ।
লগতে পঢ়ক: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.