ETV Bharat / state

Pari Rangpi Passes Away: কাৰ্বি আংলঙৰ বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান - Padma shree Rongbong Terang

কাৰ্বি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে তেওঁৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৮ বছৰ । পাৰি ৰংপিৰ মৃত্যু বিশ্বাস কৰিব পৰা নাই- পদ্মশ্ৰী ৰংবং তেৰাং ।

Diphu
Diphu
author img

By

Published : Dec 26, 2022, 2:24 PM IST

Updated : Dec 26, 2022, 3:28 PM IST

বিশিষ্ট সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান

ডিফু, ২৭ ডিচেম্বৰ : সোমবাৰে পুৱাৰ ভাগতে কাৰ্বি আংলঙৰ সাহিত্য জগতৰ স্থান উকা কৰি, সাহিত্যানুৰাগীক কন্দুৱাই চিৰ বিদায় মাগিলে ডিফুৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীয়ে (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ৬.৩০ মান বজাত ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে সাহিত্যিক পাৰি ৰংপীৰ ।

উল্লেখ্য, সাহিত্যিক পাৰি ৰংপি দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত পাৰি ৰংপিৰ বয়স প্ৰায় ৭৮ বছৰ আছিল বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, নলবাৰীত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেওবাৰে ডিফুলৈ ঘূৰি অহাৰ পিছত সোমবাৰে পুৱাতেই তেওঁৰ বিয়োগ ঘটে ।

সদ্য সাহিত্যিক পেঞ্চনৰ সন্মান লাভ কৰা প্ৰয়াত ৰংপিৰ (literary pensioner Pari Rangpi passes away) বিয়োগত আবেগিক হৈ পদ্মশ্ৰী ৰংবং তেৰাঙে (Padma shree Rongbong Terang) সাংবাদিকৰ আগত কয়, "বিশিষ্ট সাহিত্যিক পাৰি ৰংপিৰ মৃত্যু মই বিশ্বাস কৰিব পৰা নাই । তেওঁৰ আকস্মিক বিয়োগত মোৰ লগতে মোৰ পত্নীও মৰ্মাহত হৈ পৰিছে ।

প্ৰয়াত ৰংপি জীৱনৰ বিয়লি বেলালৈকে সাহিত্যৰ লগত নিবিড়ভাৱে জড়িত হৈ আছিল । তেওঁৰ মৃত্যু এক অপুৰণীয় ক্ষতি ।" উল্লেখযোগ্য যে প্ৰয়াত পাৰি ৰংপি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল । আনহাতে, প্ৰয়াত ৰংপিয়ে কে চি এছ, কে ৱাইৰ সভাপতিৰ পদ অলংকৃত কৰি গৈছে । অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ লগতে কাৰ্বি আংলং জিলা সাহিত্য সভাৰো তেওঁ সভাপতি পদ অলংকৃত কৰিছে (Lifetime member of Assam Sahitya Sabha) ।

উল্লেখ্য, কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত চাকৰি কৰিছিল প্ৰয়াত পাৰি ৰংপীয়ে । মৃত্যুৰ সময়ত প্ৰয়াত ৰংপিয়ে ইহসংসাৰত তিনিগৰাকী সন্তান, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে । বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ পিছত ডিফুৰ ৰংথিয়াংস্থিত বাসভৱনত সাহিত্যনুৰাগীসকলে প্ৰয়াত ৰংপীক অন্তিম শ্ৰদ্ধা নিবেদন কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় । তেওঁৰ মৃত্যুত সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হৈছে ।

লগতে পঢ়ক :Dhekiajuli Acid attack: ৰাক্ষসমাৰীত চুবুৰীয়া বিবাহিত পুৰুষে যুৱতীৰ গাত ঢালিলে এচিড

Last Updated : Dec 26, 2022, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.