ডিফু, ২৯ নৱেম্বৰ : পাহাৰীয়া জিলাখনৰ সদৰ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত কাৰ্বি আংলং উশ্বু এছ'চিয়েছনৰ দ্বাৰা আয়োজিত অষ্টম কাৰ্বি আংলং উশ্বু চেম্পিয়নশ্বীপ 2020 ডিফুত সম্পন্ন হৈ যায় ৷ অনুষ্ঠিত উশ্বু চেম্পিয়নশ্বীপত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ 68 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে ৷ নূন্যতম 24 কিলোগ্ৰামৰ পৰা 60 কিলোগ্ৰামৰ শাখাত ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত খেলা হৈছে ৷ মহিলা আৰু পুৰুষৰ শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্কৰ খেলুৱৈ সকলে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ৷

পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি চিৰাজ ইংতিয়ে ৷ আৰম্ভণিৰ পৰাই প্ৰতিযোগী সকলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই দৰ্শক আৰু বিচাৰক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ চোম্পিয়নশ্বীপ পদক প্ৰাপ্ত সকল ক্ৰমে, ল'ৰাৰ জুনিয়ৰ শাখাৰ সোণৰ পদক ৰবিনচন ইংতি, ৰূপৰ পদক চাৰইম ৰংপি ৷ একেদৰে, 45 কেজিৰ তলৰ মহিলাৰ জুনিয়ৰ সোণৰ পদক মালিন ৰংহাঙপী, ৰূপৰ পদক জিৰমিলি ইংলেঙপী, ব্ৰঞ্জৰ পদক পদ্মিনি হাজোৱাৰী আৰু মেৰিনা মুছাহাৰীয়ে লাভ কৰে ৷ 48 কেজিৰ তলৰ মহিলাৰ শাখাত সোণৰ পদক খুছি তেৰাংপীয়ে লাভ কৰে ৷ 60 কেজিৰ তলৰ মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে জিৰমি হাঞ্চেপূ আৰু ৰূপৰ পদক পায় পুষ্পাঞ্জলী দেৱীয়ে ৷ 65 কেজিৰ তলৰ সোণৰ পদক লাভ কৰে চ'মালিন তেৰাঙপীয়ে ৷ 60 কেজিৰ তলৰ পুৰুষৰ জ্যেষ্ঠ শাখাত সোণৰ পদক পায় দিপাঙ্কৰ বৰুৱা আৰু ৰূপৰ পদক পায় মঙল চিং টেৰণে, একে কেটেগৰীৰ মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে হংবাৰী তেৰাঙপীয়ে ৷ 20 কেজিৰ তলৰ ছোৱালীৰ চাব জুনিয়ৰ শাখাত সোণ লাভ কৰে দীপিকা তেৰাঙপীয়ে ৷ 28 কেজিৰ তলৰ শাখাত সোণৰ পদক পাঞ চেৰলিকা বে'পীয়ে, 45 কেজিৰ তলৰ শাখাত সোণৰ পদক পায় মিৰচ' তিমুঙপী আৰু ৰূপৰ পদক পায় প্ৰীতি হাঞ্চেপীয়ে ৷
লগতে পঢ়ক : ৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে
52 কেজিৰ তলৰ মহিলাৰ শাখাত সোণ লাভ কৰে দেৱিকা ৰংপিপীয়ে ৷ 24 কেজি তলৰ লৰাৰ শাখাত সোণ লাভ কৰে চাৰবন মিলিক আৰু ৰূপৰ পদক পায় গণেশ তিমুঙে ৷ 28 কেজি তলৰ লৰাৰ শাখাত সোণৰ পদক লাভ কৰে কয়দা তিমুঙ আৰু ৰূপৰ পদক লাভ কৰে আনন ৰংপিয়ে ৷ 32 কেজিৰ তলৰ লৰাৰ শাখাত সোণ লাভ কৰে লংৰি ইংতি, ৰূপৰ পদক লাভ কৰে কৃষ্ণ ৰংপি আৰু ব্ৰঞ্জৰ পদক পায় প্ৰকাশ তিমুঙে ৷ ইয়াৰোপৰি 35 কেজি আৰু 48 কেজিৰ তলৰ লৰাৰ শাখাত সোণৰ পদক লাভ কৰে ক্ৰমে সন্তু ৰংপি আৰু চাৰলেন মিলিকে ৷
উল্লেখ্য যে, খেলখনত ক্ৰমে ব্লেকবেল্ট মুখ্য বিচাৰক তথা ৰাজ্যিক পৰ্যবেক্ষক বিচাৰক প্লাৱন বৰা, অমৰচিং লিম্বু, আৰু অজয় তপ্নৰ লগতে কাৰ্বি আংলং উশ্বু এছচিয়েছনৰ ক্ৰমে সভাপতি চিৰাজ ইংতি, (ব্লেকবেল্ট), সম্পাদক গণেশ তেৰাশ ( ব্লেকবেল্ট) সহকাৰী সম্পাদক কাংবুৰা চিংনাৰ ব্লেকবেল্ট, কোষাধ্যক্ষ প্ৰদীপ তিচৰ লগতে ৰাষ্ট্ৰীয় বিচাৰক ঘণ তেৰাঙ উপস্থিত থাকে ৷
লগতে পঢ়ক : JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ