ETV Bharat / state

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ কাৰ্বি আংলঙত প্ৰতিবাদ অব্যাহত

ৰহাত ৰহস্যজনকভাৱে মৃত্যু হোৱা চুমিলা ৰংহাংপীক ন্যায় প্ৰদাণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে কাৰ্বি আংলঙত ৷ এই সন্দৰ্ভত আজি কাৰ্বি ভূমিৰ 12 টাকৈ জাতীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Apr 24, 2021, 8:39 PM IST

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ কাৰ্বি আংলঙত প্ৰতিবাদ অব্যাহত
চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ কাৰ্বি আংলঙত প্ৰতিবাদ অব্যাহত

ডিফু, ২৪ এপ্ৰিলঃ চুমিলা ৰংহাংপী নামৰ কাৰ্বি আংলঙৰ কিশোৰী গৰাকীৰ ৰহস্য জনক হত্যাকাণ্ডৰ বিৰুদ্ধে দুদিন ধৰি উত্তাল আৰু প্ৰতিবাদমুখৰ হৈ পৰিছে পাৰ্বত্য ভূমি কাৰ্বি আংলং ৷ নগাওঁ জিলাৰ ৰহাত অলপতে এক ৰহস্যজনক ভাৱে চুমিলা ৰংহাঙপী নামৰ ১২ বছৰীয়া কিশোৰী গৰাকীৰ অগ্নিদগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

দোষীক শাস্তিৰ দাবীত আজিও জিলাখনৰ বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মুখত সমবেত হৈ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচি আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰহাত সংঘটিত এই কাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত ১২ টাকৈ জাতীয় সংগঠন ক্ৰমে, ডিমাছা ষ্টুডেণ্ট ইউনিয়ন, ৰেংমা নাগা ষ্টুডেণ্টচ ইউনিয়ন, ভোজপুৰী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, তিৱা কৰ্মচাৰী সন্থা, সদৌ অসম বেংগলী যুৱ আৰু ছাত্ৰ ফেডাৰেছন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, কাৰ্বি আংলং উইমেন জাষ্টিছ ফ'ৰাম, গাৰো ছাত্ৰ সন্থা আৰু কুকি ছাত্ৰ সন্থাই আয়োজন কৰে সংবাদমেল ৷ উক্ত সংবাদমেলতে ৰহাৰ চুমিলা ৰংহাংপীৰ ৰহস্য জনক মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে সংগঠন কেইটাই ৷ আটাইকেইটা সংগঠনে উক্ত হত্যাকাণ্ডৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ সমান্তৰালকৈ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন কৰিবলৈ দাবী জনায় ৷

ইয়াৰোপৰি নেতৃবৰ্গই ভৈয়ামৰ লোকে উপযুক্ত শিক্ষাৰ অভাৱত থকা কাৰ্বি সন্তান সকলক লিখা পঢ়া কৰাৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বনকৰা হিচাপে ৰাখি নিৰ্যাতনৰ চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ শিক্ষা খণ্ডৰ পুতৌ লগা অৱস্থাৰ বাবে জিলাখনৰ একাংশ কিশোৰী বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যোৱা বুলিও মন্তব্য কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ লগতে জিলা উপায়ুক্তৰ জৰিয়তে চুমিলা ৰংহাংপীৰ ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.