হোজাই,9মাৰ্চ: সোমবাৰে কাৰ্বি আংলঙৰ অৰ্থাৎ কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ দূৰ্গম পাহাৰীয়া অঞ্চলৰ ফংজাংৰেত অনুস্থিত হয় এখন সভা ৷ এই সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে চাৰি শতাধিক পুৰুষ-মহিলাক সম্বোধন কৰি উন্নয়ণ আৰু বিকাশ সাধনৰ স্বাৰ্থতেই মই জনগণৰ জনপ্ৰতিনিধি হৈছো বুলি মন্তব্য কৰে ৷

ইয়াৰ লগতে, বাট-পথ, দলং, কালভাৰ্ট, ওলোমা দলং নিৰ্মাণ কৰি বিশুদ্ধ খোৱাপানীৰ যোগানেৰে ৰাইজৰ সমস্যা দূৰ কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানেৰে দাৰিদ্ৰ পৰিয়ালৰ বাসগৃহৰ সমস্যাৰ লগতে অঞ্চলবাসীৰ প্ৰতিটো সমস্যাই দূৰ কৰি অহা বুলি উল্লেখ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে৷ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাইজৰ স্বাৰ্থ পূৰণ আৰু সমস্যা সমাধান কৰাৰ বৃহৎ স্বাৰ্থত চৰকাৰ পৰিচালনা কৰা বিজেপি দলক সহায় সহযোগিতা আগবঢ়াই যাবলৈ আহ্বান জনায়সদস্যগৰাকীয়ে ।

আনহাতে এই সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ তেৰাঙৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী তপলিন ৰংহাংপিয়ে ৰাইজক উদ্দেশ্যি কয় যে বিজেপিৰ লক্ষ্য হৈছে 'সব কা সাথ বিকাশ' ৷ বিজেপিয়ে এই বিকাশেৰেই জনগণৰ মনত জন্মাইছে প্ৰকৃত বিশ্বাস।

অন্য এক খবৰৰ বাবে:সংকটৰ কবলত নামেৰি আৰু পাকে টাইগাৰ ৰিজাৰ্ভ
ঠিক একেদৰে অঞ্চলটোৰ ৰংহিদীটো আন এখন সভা অনুষ্ঠিত হয় ৷উক্ত সভা দুখনৰ যোগেদি জনকল্যান বিভাগৰ ডব্লিউ পি টি আৰু বি চি- আঁচনিৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীৰ মাজত বিনামূলীয়াকৈ টিনপাত বিতৰণৰ সমান্তৰালকৈ প্ৰতিটো পৰিয়ালৰ মাজত একোখনকৈ আঁঠুৱা বিতৰণ কৰে কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ৷