গুৱাহাটী, 8 নৱেম্বৰ: সাৱধান ! আপুনি জ্বৰত ভুগি আছে নেকি ? তেতিয়াহ’লে সাৱধান হ’ব লাগিব আপুনি । কিয়নো সেয়া কোনো সাধাৰণ জ্বৰ নহ’বও পাৰে ৷ সেয়া হ'ব পাৰে মেলেৰিয়া, ডেংগু কিম্বা জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । ৰাজ্যত এতিয়া ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Dengue cases rise in Assam)।
ৰাজ্যৰ ১৪ খন জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ডিফু চহৰত ডেংগুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে (Karbi Anglong in Assam worst hit as dengue cases rise) । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, মঙলবাৰৰ দিনটোলৈ ৰাজ্যত ডেংগুত পাঁচগৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আকৌ ৪২৭ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ।
মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজন ডেংগু ৰোগীৰ মৃত্যু হৈছে । কাৰ্বি আংলং জিলাৰ ডিফুত ডেংগুয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে, এতিয়ালৈকে কাৰ্বি আংলং জিলাৰ ডিফুত ৪০০ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে (Dengue cases are increase in Diphu)।
মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যৰ কাৰ্বি আংলংত জিলাত ৪০০ গৰাকী, কামৰূপ মহানগৰ জিলাত ১১ গৰাকী, নলবাৰী জিলাত, শিৱসাগৰ, আৰু ডিমা হাচাও জিলাত ২ গৰাকীকৈ আৰু কামৰূপ জিলাত, নগাঁও, চৰাইদেউ জিলা, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, কৰিমগঞ্জ ডিব্ৰগড় আৰু দৰং জিলাত এগৰাকীকৈ লোক ডেংগুত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক: Dengue in Assam: নগাঁৱতো ডেংগুত আক্ৰান্ত এজন
মনকৰিবলগীয়া যে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাজনো ডেংগু ৰোগীক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে । মহামাৰী ডেংগুৰ বাবে সোমবাৰৰ পৰা অহা ১২ নৱেম্বৰ পৰ্যন্ত ডিফু পৌৰসভা এলেকাধীন সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষই ।
ইফালে পাৰ্বত্য চহৰখনত ডেংগি প্ৰতিৰোধৰ মিছন লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই স্বাস্থ্য বিভাগৰ বিশেষজ্ঞৰ এক বৃহৎ দল লৈ শনিবাৰৰ বিয়লিৰ পৰা ডিফুত বাহৰ পাতি পৰিস্থিতি পর্যালোচনা কৰিছে । ডিফু চহৰৰ চৈধ্যটা ৱাৰ্ডৰ বাবে এগৰাকীকৈ দণ্ডাধীশ আৰু চিকিৎসকৰ নেতৃত্বত 10 ৰ পৰা 30 গৰাকী নাৰ্ছ, আশা কৰ্মীসহ 9 টা দল গঠন কৰা হৈছে ।
তেওঁলোকে ঘৰে ঘৰে গৈ জ্বৰ হৈ থকা লোক ক'ৰবাত আছে নেকি সেই সম্পৰ্কে জৰীপ আৰম্ভ কৰিছে আৰু লগতে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা লৈছে । কিন্তু অতি জনবহুল আৰু ডেংগুৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ কামৰূপ মহানগৰ জিলাৰ লগতে ডেংগু ৰোগী চিহ্নিত হোৱা জিলাত স্থানীয় প্ৰশাসনে ডেংগুৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক: Dengue cases increasing: কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক, তিনিগৰাকীৰ মৃত্যু