ডিফু, ৩০ নৱেম্বৰ: ডিফু চহৰস্থিত ডিফু ক্লাৱত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে আৰু কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি কাকতিক উষ্ম আদৰণি জনোৱা হয় । সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখনত সভাপতিত্ব কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি দাসে(Karbi Anglong District Students’ Union Delegates’ meeting )।
সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই আহ্বান জনোৱা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষাৰ্থীসকলৰ বাবে এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনায় সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই ৷ কাৰ্বি আংলঙত বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয় স্থাপন, পাহাৰীয়া জিলাখনৰ একমাত্ৰ চৰকাৰী স্বাস্থ্য সেৱা প্ৰতিষ্ঠান ডিফু চিকিৎসা মহাবিদ্যালয়ৰ(Diphu medical college) আন্ত:গাথঁনি উন্নয়নৰ বাবে দাবী জনায় সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই ৷
চৰকাৰী চিকিৎসালয়খনত সম্পূৰ্ণ চিকিৎসা সঁজুলি প্ৰদান, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটিৰ কাৰখানা সম্প্ৰসাৰণৰো দাবী জনোৱা হয় প্ৰতিনিধি সভাখনত ৷ কাৰখানাটোত ১০০ শতাংশ থলুৱাক নিযুক্তি প্ৰদানৰ দাবী জনায় সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই ৷
চোৰাং চাউল, ভুৱা নথিৰে কাৰ্বি আংলংৰ অপৈণত কয়লা, পাহাৰ ধ্বংস কৰি চলাই যোৱা শিলৰ ছিণ্ডিকেট বন্ধ(stone syndicate in Karbi Anglong) কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ছিণ্ডিকেট কাৰ্যৰ আৰঁত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সহযোগীৰো হাত আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই (Assm CM Himanta Biswa Sarma) ৷ বহিঃৰাজ্যৰ ৰাজসাহায্যযুক্ত সাৰ, ৰাজপথত চলি থকা পৰিবহণ বিভাগৰ ছিণ্ডিকেট বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ফুলনিত স্থাপন হ'বলগীয়া টোলগেটৰ তীব্ৰ বিৰোধিতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় প্ৰতিনিধি সভাখনত । সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুকুল হাজৰিকাই ৷
লগতে পঢ়ক: Jananeta Bhimbar Deuri Memorial Day: ধেমাজিত জননেতা ভীমবৰ দেউৰীৰ 75 সংখ্যক স্মৃতি দিৱস পালন