ETV Bharat / state

ক’ভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰী সাহাৰ্যৰ বাবে আবেদনৰ আহ্বান - কাৰ্বি আংলং জিলা উপায়ুক্ত

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা উপায়ুক্তই এক সংবাদমেল যোগে( DC Dibakar Nath organized press conference ) ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোক সকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷

district-commissioner-urged-all-the-relatives-of-those-who-died-of-covid-19-to-apply-for-assistance-provided-by-the-government
জিলা উপায়ুক্তৰ ক'ভিডত মৃত ব্যক্তিৰ পৰিয়ালক সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান
author img

By

Published : Dec 24, 2021, 11:10 AM IST

ডিফু, 24 ডিচেম্বৰ : ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰণয়ন কৰিছে ৷ অসম চৰকাৰে 'হৰ হৰ দস্তক' অভিযানৰ জৰিয়তে প্ৰায় 90 শতাংশতকৈ বেছি ক'ভিডৰ ভেকচিন প্ৰদান কৰিছে (Har Ghar Dastak campaign) ৷ সামন্তৰালকৈ কাৰ্বি আংলং জিলাতো এই অভিযানৰ জৰিয়তে প্ৰায় 90 শতাংশ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

বৃহস্পতিবাৰে ডিফুত জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেল আয়োজন কৰি ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোক সকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য (Assam Govt to offer compensation for Covid dead) লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷ লগতে চৰকাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ 50 হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াইছে বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ কাৰ্বি আংলঙত 135 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে ৷ ইয়াৰে 22 গৰাকী লোকক ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে আৰু বাকী 55 গৰাকীয়ে সাহায্যৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে ৷

জিলা উপায়ুক্তৰ ক'ভিডত মৃত ব্যক্তিৰ পৰিয়ালক সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান

আনহাতে এককালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নীতিৰ কিছু সাল-সলনি কৰিছে বুলি জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে কয় যে, কোনো ব্যক্তি যদি ক'ভিড আক্ৰান্ত হৈছিল আৰু ক'ভিড মুক্ত হৈ এটা মাহৰ ভিতৰত মৃত্যুবৰণ কৰিছিল তেনে ব্যক্তিৰ আত্মীয়য়ো এই এককালীন সাহয্যৰ বাবে আবেদন কৰিব পাৰিব ৷ আত্মহত্যা, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ'ব বুলি কয় উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে জিলাখনত ক'ভিড ভেকচিন লোৱাৰ পৰিমাণ 83 শতাংশৰো অধিক হোৱা বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে 271 টা দল ক'ভিডৰ সৈতে জড়িত হৈ আছে আৰু অতিৰিক্তভাৱে দুখন জিলাৰ পৰা 31 জন দল জড়িত হৈ আছে ৷ ইয়াৰোপৰি, জিলাখনৰ বোকাজান, হাওৰাঘাট সমষ্টিত কিছু ক্ষেত্ৰত ভেকচিন প্ৰদানত আহুকাল হৈছে যদিও 350 টা ভোট গ্ৰহণ কেন্দ্ৰত 100 শতাংশ ভেকচিন প্ৰদান কৰা বুলি প্ৰতিবেদন লাভ কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷

লগতে ৰাজ্যিক তথ্য অনুসৰি 83 শতাংশ টীকাকৰণ সম্পূৰ্ণ হোৱাৰ বিপৰীতে 10 শতাংশ লোকে ভেকচিন গ্ৰহণ কৰা নাই বুলি উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে ৷ জিলাখনৰ দুৰ্গম এলেকা হাট-বজাৰৰ লগতে গাঁৱলীয়া বেংক সমূহতো ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷

ইপিনে, চৰকাৰে বিনামূলীয়া সমবায় ৰেচন দোকানসমূহৰ জৰিয়তে প্ৰদান কৰা চাউল নিয়া লোকসকলৰ ক্ষেত্ৰত দুটাকৈ ভেকচিন লোৱাতো বাধ্যতামূলক কৰিছে ৷ লগতে চৰকাৰে এশ শতাংশ টীকাকৰণ নিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপবোৰৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : Lok Sabha Speaker Assam Visit : অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.