ETV Bharat / state

নিৰ্বাচনৰ সন্দৰ্ভত কাৰ্বি আংলং জিলা উপায়ুক্তৰ সংবাদমেল - নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে কাৰ্বি আংলং জিলা উপায়ুক্তই...

২০২১ চনৰ অসম বিধান নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে কাৰ্বি আংলং জিলা প্ৰশাসনো বিশেষভাৱে তৎপৰ হৈছে ৷ এই লৈ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ডিফু আৱৰ্ত ভৱনত দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷

karbi anglong dc press meet
নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে কাৰ্বি আংলং জিলা উপায়ুক্তই...
author img

By

Published : Feb 28, 2021, 10:30 PM IST

ডিফু, ২৮ ফেব্ৰুৱাৰীঃ ২০২১ চনৰ অসম বিধান নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে কাৰ্বি আংলং জিলা প্ৰশাসন বিশেষভাৱে তৎপৰ হৈছে ৷ এইলৈ জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ডিফু আৱৰ্ত ভৱনত দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ৷

জিলা উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ১৮ নং হাওৰাঘাট(জনজাতীয়) আৰু ১৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়া পাৰ্থ প্ৰতিম জহ'ৰী আৰু জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা নিজে ৰিটাৰ্ণিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিছে ৷

নিৰ্বাচনৰ সন্দৰ্ভত কি ক'লে কাৰ্বি আংলং জিলা উপায়ুক্তই...

দুয়োটা সমষ্টিত মুঠ ৫০০ টা ভোট কেন্দ্ৰ স্থাপন কৰা হ’ব, ইয়াৰে ৪২৫ টা মূল কেন্দ্ৰ আৰু ক'ভিড প্ৰটকলৰ বাবে অতিৰিক্তভাৱে ৭৫ টা কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ মুঠ ভোটাৰৰ সংখ্যা ৩,২৮,৮৪২ গৰাকীৰ পুৰুষ ভোটাৰ ১৬৪,২৬৯ আৰু মহিলা ভোটাৰ হ'ল ১,৬৪, ৫৭৩ গৰাকী ৷

নতুন তালিকা অনুসৰি জনজাতীয় সমষ্টি দুটাত ১৭, ১৪০ গৰাকী নতুন ভোটাৰ বৃদ্ধি পাইছে ৷ ইফালে ক'ভিড প্ৰট'কলৰ বাবে কেন্দ্ৰত সমূহত ভোটাৰ সকলৰ থাৰ্মেল স্কেনিং কৰাৰ বাবে আশা কৰ্মী সকলক নিয়োজিত কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

আনহাতে নিৰ্বাচনী আচৰণ বিধি চোৱা-চিতা কৰাৰ বাবে ফ্লায়িং স্কোৱাড গঠন কৰা হৈ ছে বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক:মহাঁজোটৰ অংশীদাৰ হৈ কি ক'লে হাগ্ৰামাই ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.