ETV Bharat / state

বৰচিং বে'লৈ 1 লাখ টকাৰ চেক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ

এগৰাকী নিষ্ঠাৱান গৃহৰক্ষী জোৱান বৰচিং বে'ৰ সততা আৰু নিষ্ঠাৰে কৰা কৰ্তব্যক সন্মান জনাই আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পৰিষদৰ তৰফৰ পৰা পুৰষ্কাৰ হিচাপে আগবঢ়োৱা হয় ১ লাখ টকাৰ চেক ৷

Home guard Jawan Borsing Bey
বৰচিং বে'লৈ 1 লাখ টকাৰ চেক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ
author img

By

Published : Jun 23, 2021, 10:45 PM IST

ডিফু, ২৩ জুন : যোৱা সোমবাৰে নিশা কাৰ্বি আংলং জিলাৰ ডিলাইত কৰ্তব্যৰত এগৰাকী নিষ্ঠাৱান গৃহৰক্ষী জোৱান বৰচিং বে'ৰ তৎপৰতাৰ বাবে দুই মহিলাসহ তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰা হৈছিল ৷ ইয়াৰ পাচতে এই সমগ্ৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল ৷ গৃহৰক্ষী জোৱানজনে সততা আৰু নিষ্ঠাৰে কৰা কৰ্তব্যক সন্মান জনাই আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৰচিং বে'লৈ পৰিষদৰ তৰফৰ পৰা পুৰষ্কাৰ হিচাপে আগবঢ়োৱা হয় ১ লাখ টকাৰ চেক ৷

পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ হাতত অৰ্পণ কৰে উক্ত একলাখ টকাৰ চেক ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ই যোৱা ২১ জুনত এখন যাত্রীবাহী বাছত তালাচী চলাই তিনি কিল’গ্ৰাম ড্ৰাগছ জব্দ কৰিছিল ৷ ড্ৰাগছখিনি ইঞ্জিনত লুকুৱাই অনা হৈছিল ৷

বৰচিং বে'লৈ 1 লাখ টকাৰ চেক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

গৃহৰক্ষীৰ জোৱান বৰচিং বে'ক আৰক্ষী সঞ্চালক প্ৰধানে এক লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰাৰ পাচতে বুধবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদেও প্ৰদান কৰে এক লাখ টকাৰ চেক ৷

আনহাতে বোকাজানৰ বিধায়ক তথা বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও বৰচিং বে'ৰ সততা আৰু কৰ্তব্যক উচ্চ প্ৰশংসা কৰি নিজৰ দৰমহাৰ পৰা দহ হাজাৰ টকা পুৰষ্কাৰ হিচাপে দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ ড্ৰাগছ জব্দ কৰাৰ সময়ত বাছখনৰ চালকে গৃহৰক্ষী জোৱান বৰছিং বে’ক উপঢৌকন হিচাপে ধনৰ টোপোলা আগবঢ়াইছিল যদিও সেই প্ৰলোভন অগ্রাহ্য কৰি ড্ৰাগছখিনি জব্দ কৰিছিল ৷ যি সময়ত চৌদিশে কেৱল দুৰ্নীতি, উৎকোচৰ বেহা, সেই সময়তে গৃহৰক্ষী জোৱান বৰছিং বে’ৰ সততা আৰু নিষ্ঠাৰে কৰা কৰ্তব্য সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছিল ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰক ন্যায় প্ৰদানত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান অন্যতম : দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.