ETV Bharat / state

Eviction in Assam Nagaland Border : অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান - লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ উদ্যগত(Eviction drive of Karbi Anglong Autonomous Council) চলোৱা হয় এই অভিযান ৷

Assam Nagaland Border
অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Dec 20, 2021, 8:46 PM IST

ডিফু, ২০ ডিচেম্বৰ: অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সোমবাৰে চলিল উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ উদ্যগত(Eviction drive by Karbi Anglong Autonomous Council) জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত চলে এই অভিযান ৷ লাহৰিজান ব্লক-৩ ৰ দুদু কলনিত আৰক্ষী, চিআৰপিএফৰ এক বৃহৎ দলে চলায় এই অভিযান ৷

জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ নেতৃত্বত পুৱাৰে পৰা বুল ড’জাৰে চলোৱা হয় উচ্ছেদ অভিযান ৷ উল্লেখ্য যে, উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি স্থাপন কৰা হৈছিল ১০৭ টা বাসগৃহ ৷ ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা-সামগ্ৰী লৈ এই উক্ত স্থান ত্যাগ কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে লামডিং সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান (Eviction in Lumding forest reserve) ৷ বনাঞ্চলখনত উচ্ছেদ চলাৰ এদিন পূৰ্বেই প্ৰায় সংখ্যক লোকে নিজৰ লাম-লাকটুসমূহ সামৰি অৱস্থান কৰিছিল অস্থায়ী শিবিৰত ৷

অসম-নাগালেণ্ড সীমান্তত প্ৰশাসনৰ উচ্ছেদ অভিযান

দেখা গৈছে যে, ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাচতেই ৰাজ্যৰ ভিন্ন স্থানত হৈ থকা বেদখলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ দৰঙৰ গৰুখুটিত কিছুদিন পূৰ্বে প্ৰশাসনৰ দ্বাৰা চলিছিল উচ্ছেদ অভিযান(Eviction in Darrang Gorukhuti) ৷ এই উচ্ছেদ অভিযানৰ সময়ত একাংশ লোকে প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷

ফলত দৰং জিলাৰ প্ৰশাসনে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল ৷ এই গুলীচালনাত দুজনকৈ লোক নিহত হোৱাৰ লগতে দহজনতকৈও অধিক সুৰক্ষা কৰ্মী আহত হ’বলগীয়া হৈছিল । ইয়াৰ পূৰ্বেও শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্ধত গৰুডুবা, ভৰাশিঙৰী, ধিৰাইমাজুলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিছিল বৃহৎ পৰিমানৰ চৰকাৰী ভূমি ৷

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত উপস্থিত আমছুৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.