ETV Bharat / state

মুখ্যমন্ত্ৰীৰে পৰ্যালোচনা সভা সন্দৰ্ভত এএছডিচি সঁজাতি দলৰ সংবাদমেল

author img

By

Published : Apr 19, 2022, 9:59 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়ত স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন ছাত্ৰ আৰু বিভিন্ন দল-সংগঠনৰ লগত এক পৰ্যালোচনা সভাত মিলিত হৈছিল ৷ উক্ত পৰ্যালোচনা সভাতে এক সঁজাতি দলে তিনিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিছিল (Karbi Anglong ASDC issued memorandum to Himanta Biswa Sarma) ৷ য’ত বহুকেইটা গুৰুত্বপূৰ্ণ দাবীয়ে স্থান লাভ কৰিছিল ৷ কিন্তু এই পৰ্যন্ত উক্ত বিষয়সমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা কোনো নিৰ্দিষ্ট মন্তব্য লাভ কৰা নাই ৷

Karbi Anglong ASDC
খ্যমন্ত্ৰীৰে পৰ্যালোচনা সভা সন্দৰ্ভত এএছডিচি সঁজাতি দলৰ সংবাদমেল

ডিফু, ১৮ এপ্ৰিল: যোৱা ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচী লৈ সপৰিয়ালৈ কাৰ্বি আংলং ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ বৃক্ষ উদ্যান আৰু শিল্পকেন্দ্ৰৰ সভাকক্ষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন ছাত্ৰ আৰু বিভিন্ন দল-সংগঠনৰ লগত এক পৰ্যালোচনা সভাত মিলিত হৈছিল (Himanta Biswa Sarma's Karbi Anglong visit)৷ উক্ত পৰ্যালোচনা সভাত আমন্ত্ৰিত দল হিচাপে বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়েও অংশ গ্ৰহণ কৰিছিল ৷

এএছডিচিৰ হৈ সভাপতি, সাধাৰণ সম্পাদক আৰু প্ৰচাৰ সম্পাদক ক্ৰমে চন্দ্ৰকান্ত তেৰাং, জৎছন বে' আৰু ডেনিয়েল টেৰণলৈ তিনিজনীয়া এক সঁজাতি দলে তিনিদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিছিল (Karbi Anglong ASDC issued memorandum to Himanta Biswa Sarma) ৷

উক্ত দাবীসমূহক লৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা সৌহাৰ্দ্যমূলক আছিল বুলি সোমবাৰে বিয়লি ডিফুস্থিত এএছডিচিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সদৰি কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে (Karbi Anglong Autonomous State Demand Committee)৷

স্মাৰকপত্ৰখনত থকা দাবীসমূহ ক্ৰমে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)ৰ সুবিধা অনুসৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি স্বায়ত্ত শাসিত ৰাজ্য ঘোষণা কৰা (Article 244A in the Constitution Of India), ১৯৫১ চনৰ চৰকাৰী অধিসূচনা মৰ্মে অসম-মেঘালয় সীমা বিবাদৰ ইছ্যু মীমাংসা কৰা (Assam Meghalaya border issue), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিৱেশ সংবেদনশীল এলেকা আৰু হস্তী দুৱাৰ সন্দৰ্ভত ব্যৱস্থা লোৱা আদি ৷

চন্দ্ৰকান্ত তেৰাঙে কয় যে, স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত এএছডিচিয়ে ১৯৮৬ চনৰ পৰাই আন্দোলন কৰি আহিছে ৷ বিজেপি দলে তেওঁলোকৰ বিজেপিৰ বিভিন্ন নিৰ্বাচনী ইস্তহাৰসমূহত স্বায়ত্বৰাজ্য সৃষ্টি বিষয়টো ৰাষ্ট্ৰীয় এজেণ্ডা বুলি নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি দিছিল ৷ উক্ত বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কোনো নিৰ্দিষ্ট মন্তব্য নোপোৱাত বিষয়টিক লৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে গণ আন্দোলনৰ পোষকতা কৰে এএছডিচিয়ে (Karbi Anglong ASDC) ৷

লগতে পঢ়ক: সুদীৰ্ঘ ১৭ বছৰ পাছত ন্যায় লাভ কৰিলে ধৰ্ষিতা নাবালিকাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.