ডিফু, 16 মে' : ৰাজ্যজুৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবা স্থানত বানে (Flood in Assam)সাধাৰণ ৰাইজৰ জীৱনযাত্ৰা ব্যাহত কৰি তোলাৰ সময়তে এইবাৰ বাঢ়নী পানীয়ে পশ্চিম কাৰ্বি আংলং জিলাত সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে (Kapili river flood effected west Karbi Anglong) । বিগত দুটা দিনে পাহাৰীয়া জিলাখনৰ ভিন্ন স্থানত বাঢ়নী পানীয়ে তাণ্ডৱ চলাই অহাৰ পিছত এতিয়াও এই পানীৰ সোঁতে, জিলাখনৰ ব্যাপকৰূপে ক্ষতিসাধন কৰিছে ৷
![Kapili river flood effected to west Karbi Anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu16052022floodeffectedinwk_16052022211553_1605f_1652715953_697.jpg)
![Kapili river flood effected to west Karbi Anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu16052022floodeffectedinwk_16052022211553_1605f_1652715953_1037.jpg)
প্ৰাপ্ত তথ্য অনুসৰি, কপিলী নৈৰ ওপৰত থকা জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানীভাগ মুকলি কৰি দিয়াৰ ফলত কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁৱত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ বিনষ্ট কৰিছে । তথ্য অনুসৰি, সোমবাৰে বাঢ়নী পানীয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ মুগাছং, লালমাটি, সাতগাঁও গাৰো গাঁও, ভেলাপাৰা, হাতীমাৰা, হালধি ক্ৰ', চুটবালি, বালিজুৰি, গৰৈমাৰী আদি এলেকাৰ লগতে তৰাডুবিৰো বিস্তৃত এলেকা বুৰাই পেলাই ।
![Kapili river flood effected to west Karbi Anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu16052022floodeffectedinwk_16052022211553_1605f_1652715953_864.jpg)
শেহতীয়াকৈ এই বানৰ ফলত কেইবা শতাধিক পৰিয়াল সৰ্বস্বান্ত হৈছে । বহু পৰিয়ালে বাঢ়নী পানীৰ বাবে ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে । আনহাতে, বানত আক্ৰান্ত লোকসকলৰ মাজত সোমবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা খাদ্য-সামগ্ৰী আদি বিতৰণ কৰা হয় ।
লগতে পঢ়ক : প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও