ETV Bharat / state

Protest in Jantar Mantar: স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ জাতীয় সংগঠনৰ প্ৰতিবাদ - গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰকপত্ৰ প্ৰেৰণ

স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ সংগঠনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷ কাৰ্বি আংলং আৰু ডিমা হাছাওকে ধৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক)(Implementation of Article 244-A) ৰূপায়ণেৰে অসমৰ ভিতৰতে এখন স্বায়ত্ব ৰাজ্যৰ প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷ সাংসদ হৰেণছিং বে'ৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

Protest in Jantar Mantar
স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ জাতীয় সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Aug 8, 2022, 10:24 PM IST

ডিফু, ৮ আগষ্ট: কাৰ্বি আংলং আৰু ডিমা হাছাওকে ধৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক)(Implementation of Article 244-A) ৰূপায়ণেৰে অসমৰ ভিতৰতে এখন স্বায়ত্ব ৰাজ্যৰ প্ৰদানৰ দাবীত সোমবাৰে দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা ষ্টেট ডিমাণ্ড কমিটি, কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থাকে ধৰি ৮ টাকৈ সংগঠনে সোমবাৰে পুৱা ১১ বজাৰ তিনি বজালৈ দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে(Several organisations protest in Delhi's Jantar Mantar) ৷

কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা ষ্টেট ডিমাণ্ড কমিটিৰ সভাপতি অজিত তিমুঙৰ নেতৃত্বত ৮ টাকৈ সংগঠনৰ প্ৰায় ৩ শতাধিক সদস্যই স্বায়ত্ব ৰাজ্যৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে‘কাৰ্ড প্ৰদৰ্শন কৰি ন' ষ্টেট ন' ৰেষ্ট, আমাৰ দাবী পূৰণ কৰক আদি শ্ল’গানেৰে যন্তৰ মন্তৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি থাংছিং তিমুঙে কয় যে, কংগ্ৰেছ বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলে সংবিধান প্ৰদত্ত দাবী ২৪৪(ক)ৰূপায়নৰ নামত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ৰাইজক প্ৰৱঞ্চনা কৰি আহিছে ৷

স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ জাতীয় সংগঠনৰ প্ৰতিবাদ

তেওঁ লগতে কয় যে, স্বায়ত্ব ৰাজ্যৰ আন্দোলনৰ দাবীত বিগত চল্লিছ বছৰৰ পৰা দুয়োখন পাৰ্বত্য জিলাৰ ৰাইজে বহু বলিদান দি আহিছে যদিও চৰকাৰৰ পৰা সঁহাৰি নোপোৱাটো দুৰ্ভাগ্যজনক ৷ আনহাতে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিথ ছংইয়ুঙে সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে, সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে স্বায়ত্ব ৰাজ্যৰ দাবীত আন্দোলন চলাই আহিছে ৷ তেওঁ সংসদত দুই পাৰ্বত্য জিলাক সাঙুৰি স্বায়ত্ব ৰাজ্য প্ৰদান সন্দৰ্ভত বিল উত্থাপন কৰাৰ বাবে দাবী জনায় ৷

বিয়লি তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদগৰাকীয়ে পোনে পোনে দিল্লীৰ পৰা যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত প্ৰতিবাদকাৰী নেতাসকলে ২৪৪ (ক) ৰূপায়ণৰ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ সাংসদ হৰেণছিং বে'ৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰে ৷

সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে'ই কয় যে, ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) দুই পাহাৰীয়া জিলাৰ সাংবিধানিক অধিকাৰ ৷ উক্ত দাবীলৈ জিলাখনৰ ৰাইজে দীৰ্ঘদিন আন্দোলন কৰি আহিছে ৷ ইয়াৰ সৎ ৰূপায়ণ কৰাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় উদ্যোগ ল‘ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, অহা সংসদৰ অধিৱেশনত আলোচনা-পৰ্যালোচনা কৰাৰ পিছত ২৪৪(ক) ৰূপায়ণকলৈ বিল উত্থাপন কৰাৰ বাবে বিবেচনা কৰা হ’ব ৷

লগতে পঢ়ক : Militancy Incident in Assam : ৰাজ্যত উগ্ৰপন্থীৰে জড়িত ঘটনা হ্ৰাস পোৱাৰ দাবী কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.