ETV Bharat / state

KAAC ELECTION 2022 : ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন - KAAC ELECTION CAMPAIGN

ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election 2022) ৷ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছে প্ৰাৰ্থীসকল ৷ ১৯নং ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী নিছ‘ তেৰাংপীক স্থানীয় ৰাইজ তথা দলীয় কৰ্মকৰ্তাসকলে পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয় ৷

kaac-election-2022-campaign-raise-in-dhansiri
ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : May 1, 2022, 8:18 AM IST

ডিফু, 1 মে’ : সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomous Council Election 2022)৷ সেয়ে এতিয়া নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে দলীয় তথা নিৰ্দলীয় প্ৰাৰ্থীসকল ৷ সাধাৰণ ৰাইজেও নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰত্যাশীসকলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ (KAAC Election 2022 campaign raise in Dhansiri)।

উল্লেখ্য যে, বিগত পৰিষদীয় নিৰ্বাচনত ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত ই এম প্ৰদীপ ডিফুছাই নিৰ্দলীয়ভাবে প্ৰতিদ্বন্দিতা আগবঢ়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । সেয়ে এইবাৰো একেই উদ্দেশ্য আগত ৰাখি পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু হৈছে নিছ‘ তেৰাংপী।

ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

ডিফুৰ সমীপৱৰ্তী ৰংপ্লিমপ্লাম কমিউনিটি হলত শনিবাৰে ৰিংছ'ৰংফাৰৰ সভাপতিত্বত ধনশিৰি পৰিষদীয় সমষ্টিৰ প্ৰায় ৩০ জনীয়া গাঁওবুঢ়া, স্থানীয় ৰাইজ আৰু জ্যেষ্ঠ নাগৰিকৰ অংশগ্ৰহণেৰে এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত আৰু সমাগত পৰিষদীয় নিৰ্বাচনত তেৰাংপীক ভোট দি এগৰাকী শিক্ষিত আৰু সৎ ব্যক্তিক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনোৱা হয় ।

নিছ' তেৰাংপীৰ নেতৃত্বত ধনশিৰি পৰিষদীয় সমষ্টিত উন্নয়ন হ'ব বুলি সভাত উপস্থিত থকা গাওঁবুঢ়াসকলে মত পোষণ কৰে ৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্দলীয় প্ৰাৰ্থী নিছ‘ তেৰাংপীয়ে কয়যে, তেওঁ নিৰ্দলীয়ভাৱে জয়ী হ’লেও শাসনত থকা দলৰ সৈতে থাকি ধনশিৰি পৰিষদীয় সমষ্টিৰ উন্নয়ন সাধন কৰিব ৷ এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত উন্নয়নৰ খাতিৰত ধনশিৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে তেওঁক জয়ী কৰাব বুলি কেৰাংপীয়ে আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক : কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা শুদ্ধ ৰূপত পুনৰ প্ৰকাশৰ দাবী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.