ETV Bharat / state

KAAC Election 2022 Result: কোনে মাৰিব শেষ হাঁহি ? - কাৰ্বি আংলং নিৰ্বাচনৰ ফলাফল

KAAC Election 2022 Result
KAAC Election 2022 Result: কোনে মাৰিব শেষ হাঁহি?
author img

By

Published : Jun 12, 2022, 3:06 PM IST

Updated : Jun 12, 2022, 6:44 PM IST

18:41 June 12

কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত দে'ৰ জয়লাভ ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰি অজিত দে'য়ে ১১,১১৫ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী চন্দ্ৰছিং টেৰণে ৩৬০৯টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে ৷ অজিত দে’ ৭৬৬৫ টা ভোটৰ ব্যৱধানত জয়ী হয় ৷

18:05 June 12

কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ'ৰ জয়লাভ ৷ অমৰছিং তিচ'ৱে ২০ নং পৰিষদীয় সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত সিংহাসন সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰি অমৰছিং তিচ'ৱে ৫৮৮৫ ভোট লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এপিএইছএলচিৰ জে আই কাথাৰে লাভ কৰে ৪১৯৩ টা ভোট ৷

17:23 June 12

ফুলনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কাংবুৰা কিলিঙৰ ২০৯ টা ভোটত জয়লাভ ৷ লাংহিনতো বিজেপিৰ প্ৰাৰ্থী বিলি মোহন খাকলাৰীয়ে ১২৫২৪ টা ভোটত জয়লাভ কৰে ।

15:40 June 12

মহামায়া পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী লুণছিং টেৰণে বিজয় সাব্যস্ত কৰিছে৷ পৰিষদীয় নিৰ্বাচনত মহামায়াৰ পৰা দ্বিতীয়বাৰৰ বাবে বিজেপিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি লুণছিং টেৰণে ৮৮৯৩ টা ভোটত জয়লাভ কৰে৷ আনহাতে নিকটতম প্ৰতিদ্বন্ধীয়ে লাভ কৰে ৫০৮৭ টা ভোট (KAAC election Update)৷

15:27 June 12

নমাটি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ৰিতেশ ইংহিয়ে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে (KAAC election Update) ৷ ৰিতেশ ইংহি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ যোৱাটো কাৰ্যকালত উপাধ্যক্ষ পদত আছিল ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত নমাটিৰ পৰা প্ৰতিদ্বন্ধিতা কৰি ৭৮২৩ টা ভোটত জয়লাভ কৰে ৷

আনহাতে নিকটতম প্ৰতিদ্বন্ধী কংগ্ৰেছৰ অশোক টেৰণে লাভ কৰে ৪৪৬৮ টা ভোট৷ ফলাফল লাভৰ পাছত বিজয়ী প্ৰাৰ্থী ৰিতেশ ইংহিয়ে কয় যে, এতিয়া তেওঁৰ প্ৰধান কাম হ’ব সমষ্টিত শিক্ষাৰ ক্ষেত্ৰত উন্নয়নমূলক কাম কৰা ৷

ইফালে ২২ নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কাদম তেৰাংপীয়ে ১৯৪ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে ৷

14:41 June 12

অব্যাহত আছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা (KAAC election poll)৷ মুঠ 26 খন আসনৰ কেইবাখনো আসনত এই মূহুৰ্তলৈ আগবাঢ়ি আছে বিজেপি ৷ চাওঁ আহক শেহতীয়া ফলাফল...

ডিফু, 12 জুন: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা (KAAC election poll)৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা ৷ এই মূহুৰ্তলৈকে লাভ কৰা ফলাফল অনুসৰি আমৰি পৰিষদীয় সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থী ডি উফিং মাছলাই ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ২ নং আমৰি পৰিষদীয় সমষ্টিত দ্বিতীয়বাৰৰ বাবে বিজয়ৰ হাঁহি মাৰিলে বিজেপিৰ ডি উফিং মাছলায়ে ৷ ডি উফিং মাছলায়ে তেওঁৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী এডিএফৰ এলৱিন টেৰণক ৫৩৯৭ ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷ এলৱিন টেৰণে ১১১৯ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয় ৷

ইফালে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিণ্ঠং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অভিজিত ক্ৰৰ বিজয় ৷

Last Updated : Jun 12, 2022, 6:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.