ETV Bharat / state

ডিফুত আধাৰশিলাৰ স্থান পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ - বিভিন্ন উন্নয়নমূলক কামৰ স্থান পৰিদৰ্শন

ডিফুত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে ১০০ কোটি টকা ব্যয় সাপেক্ষে উদ্ধোধন কৰা আধাৰশিলাৰ স্থান পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ । এবছৰৰ ভিতৰত আঁচনিসমূহ ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান ।

ডিফুত আধাৰশিলাৰ স্থান পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ

author img

By

Published : Feb 7, 2021, 8:18 PM IST

ডিফু,৭ ফেব্ৰুৱাৰী: দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত বিভিন্ন উন্নয়নমূলক কামৰ স্থান পৰিদৰ্শন কৰে । ২ ফেব্ৰুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয় পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভনি কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰীয়ে সদৰ চহৰ ডিফুত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছল ৷

ডিফুত আধাৰশিলাৰ স্থান পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ

উক্ত আঁচনিসমূহৰ শীঘ্ৰে বাস্তৱায়িত কৰিবলৈ সমূহ দলৰ সৈতে প্ৰতিটো কামৰ স্থানসমূহ পৰিদৰ্শন কৰে । এই পৰদৰ্শন কালচোৱাত ঠিকাদাৰসকলৰ লগত আলোচনা মৰ্মে এবছৰৰ ভিতৰত কামসমূহ সমাপ্ত কৰিবলৈ প্ৰতিশ্ৰুতি আদায় কৰে ।

তুলিৰাম ৰংহাঙে দেওবাৰে লৰুলাংচত ডিফু চন্দ্ৰছিং টেৰণ মেমৰিয়েল হল, লৰুলাংচ'ৰ পৰা ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিফু চহৰলৈ যোৱা ডিফু নদীৰ সৌন্দৰ্য বৰ্দ্ধন, ধৰমনালাৰ পৰা ৰেলৱে দলং ধৰমনালা লৈকে নদীৰ সৌন্দৰ্য বৰ্দ্ধন, বাছ টাৰ্মিনেল আৰু ডিফু চহৰৰ মাজেৰ নিৰ্মান হ'বলগীয়া উৰণীয়া সেতুৰ নিৰ্দ্ধাৰিত স্থানসমূহ পৰিদৰ্শন কৰি যথা সময়ত নিৰ্মান কৰি ৰাইজৰ সেৱাৰ্থে মুকলি কৰি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

লগতে পঢ়ক:নগাঁৱৰ ৰাজপথত জ্বলিল চলন্ত বাইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.