ডিফু, 15 ফেব্ৰুৱাৰী : ডিফুৰ সাহিত্য ক্ষেত্ৰৰ অমূল উন্নয়নৰ লক্ষ্যৰে সোমবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰষদৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভণিৰ দিনটোতে আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰে ।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ সমগ্ৰ সৃষ্টিৰাজীৰ লগতে বিভিন্ন সময়ত সাহিত্যিকগৰাকীয়ে উপহাৰ হিচাপে লাভ কৰা গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এটা সংগ্ৰহালয় নির্মাণ কৰা হৈছিল । আজি সাহিত্য ভৱন শীর্ষক এই গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ উদ্বোধন কৰি আনুষ্ঠানিকভাৱে সাহিত্যিক গৰাকীক অর্পণ কৰা হয় ।
গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ উদ্বোধনৰ পাছত নিজা অনুভৱ প্ৰকাশ কৰি বৰেণ্য সাহিত্যিক গৰাকীয়ে এটা সপোনে পূৰ্ণতা পালে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে ইয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক ধন্যবাদ জনায় । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীয়ে ৰংবং তেৰাঙৰ গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়টোৰ পৰিচালনৰ বাবে প্ৰয়োজন হোৱা পুঁজি আৰু চতুর্থ শ্ৰেণীৰ কর্মচাৰীৰ ব্যবস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
উক্ত অনুষ্ঠানতে পৰিষদৰ মুখ্য কার্যবাহী গৰাকীয়ে জিলাখনৰ সাংবাদিক আৰু সাহিত্যিকসকলৰ জীৱন বীমাৰ বাবে পৰিষদে বাজেটত পাঁচ কোটি ষাঠি লাখ টকা ধার্য কৰা বুলি উল্লেখ কৰে । তেওঁ লগতে ডিফুস্থিত জিলা প্ৰেছ ক্লাবৰ স্থায়ী ভৱন নির্মাণৰ বাবেও পৰিষদে এছ অ' পি ডি শিতানৰ পৰা এক কোটি টকা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।
পৰিষদৰ মুখ্য কার্যবাহী গৰাকীয়ে অসম সাহিত্য সভাৰ ডিফুৰ আঞ্চলিক কার্যালয় ৰাংছিনা ভৱনটো আধুনিক ধৰণে সজাবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা ৫০ লাখ টকা প্ৰদান কৰিছিল ৷ আজি উক্ত ভৱনটো উদ্বোধন কৰে মুখ্য কার্যবাহীগৰাকীয়ে ।
উক্ত অনুষ্ঠানতে মুখ্য কার্যবাহী তুলিৰাম ৰংহাঙক পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাই আগবঢ়োৱা 'ছাৰছিং টেৰণ হাবাই সমন্বয় বঁটাটো আজি আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । ইয়াৰ পিছতে মুখ্য কার্যবাহীগৰাকীয়ে দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া কাৰ্বি লাম্মেত আমেই (কাৰ্বি সাহিত্য সভা)ৰ নতুন কার্যালয়, পুথিভঁৰাল, প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে ৷
লগতে পঢ়ক : ধেমাজিত অত্যাধিক বিদ্যুৎ মাচুলক লৈ ক্ষোভিত উপভোক্তা