ETV Bharat / state

Viral audio case: পুনৰ ডিফু থানালৈ তলব ছিণ্ডিকেটত অভিযুক্ত জিতু দাসক

author img

By

Published : Jul 30, 2023, 10:35 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সচিব হোৱাৰ কথা নসাৎ জিতু দাসৰ ৷ লাচিত গগৈ আৰু মিলন বুঢ়াগোহাঁইৰ ভাইৰেল অডিঅ' গোচৰ সন্দৰ্ভত আজি পুনৰ ডিফু থানাত উপস্থিত হৈছিল জিতু দাস ৷ তেওঁ কোনো ছিণ্ডিকেটৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰাৰ লগতে ৰাজ্যিক বিজেপি সভাপতিৰ ব্যক্তিগত সচিব হোৱাৰ কথা নসাৎ কৰে ৷

Viral audio case
পুনৰ ডিফু থানালৈ তলব কৰে জিতু দাসক

পুনৰ ডিফু থানালৈ তলব কৰে জিতু দাসক

ডিফু, ৩০ জুলাই: লাচিত গগৈ আৰু মিলন বুঢ়াগোহাঁইৰ ভাইৰেল অডিঅ' গোচৰ সন্দৰ্ভত দেওবাৰে পুনৰ ডিফু থানালৈ তলব কৰে জিতু দাসক ৷ বিজেপিৰ অপসাৰিত নেতা লাচিত গগৈ আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোঁহাইৰ ভাইৰেল অডিঅ’ৰ কঁপনি আজিও ৰাজ্যজুৰি অব্যাহত আছে ৷

যিটো অডিঅ’ত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলোৱাৰ বাবে ১২ লাখ টকা কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু ২ লাখ টকা গোলাঘাটৰ আৰক্ষী অধীক্ষকক দিয়াৰ কথা লাচিত গগৈয়ে কৈছিল ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক বহু টকা দিয়াৰ বিষয়ে উল্লেখ আছিল এই অডিঅ’ত ৷ সেইসূত্ৰে জিতু দাসক ডিফু আৰক্ষীয়ে ২৬ জুলাইত মাতি আনি নিশা ১১ বজালৈকে জেৰা কৰি যাবলৈ দিছিল ৷ আজি তেওঁক পুনৰ ডিফু থানাত হাজিৰ হ’বলৈ কোৱা হৈছিল ৷ ইফালে, এই অডিঅ’ ভাইৰেল হোৱাৰ পাচতেই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জিতু দাস তেওঁৰ ব্যক্তিগত সহায়ক হোৱাৰ কথা অস্বীকাৰ কৰিছিল ৷

বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়েও একপ্ৰকাৰ জিতু দাসক ক্লিনছিট দিছিল ৷ ইয়াৰ পাচত দেওবাৰে দুপৰীয়া জিতু দাস পুনৰ ডিফু থানাত হাজিৰ হয় আৰু আৰক্ষীয়ে তেওঁক থানাৰ পৰা যাবলৈ দিয়ে । সংবাদ মাধ্যমৰ আগত জিতু দাসে আৰক্ষীক সহযোগ কৰিবলৈ অহাৰ কথা ব্যক্ত কৰে আৰু তেওঁক আকৌ যেতিয়া মাতিব পুনৰ আহিব বুলি উল্লেখ কৰে ৷ দাসে তেওঁ কোনো ছিণ্ডিকেটৰ লগত জড়িত নহয় বুলি কোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ব্যক্তিগত সচিব নহয় বুলিও আজি কয় ৷ তেওঁ নিজকে বিজেপি দলৰ কাৰ্যকৰ্তাহে বুলি উল্লেখ কৰে ৷

ইফালে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই দিয়া গোচৰৰ ভিত্তিত ১৫ লাখ টকা দিয়া বিজেপি নেতা লাচিত গগৈ এতিয়া ডিফু কাৰাগাৰৰ অতিথি । কিন্তু ছিণ্ডিকেট চলোৱাৰ বাবে আৰক্ষীক মেনেজ কৰাৰ বাবে দায়িত্ব লোৱা মিলন বুঢ়াগোহাঁই এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই ৷

তেওঁ বিদেশ চফৰ কৰি আহি এতিয়া জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ কাষ চাপিছে ৷ একেদৰে মিলন বুঢ়াগোহাঁইৰ পৰা ধন লৈ আৰক্ষী অধীক্ষকক মেনেজ কৰি দিয়াৰ দায়িত্ব লোৱা বোকাজানৰ দুই সাংবাদিকো এতিয়াও পলাতক হৈ আছে । লাচিত গগৈৰ স্বীকাৰোক্তিত বহু বিজেপি নেতাৰ নাম অহাৰ লগে লগে এই ছিণ্ডিকেটৰ গোচৰৰ চোক যে কমিছে তাত সন্দেহ নাই ৷

লগতে পঢ়ক: Bhabesh Kalita: জিতু দাসৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই; স্পষ্টীকৰণ ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.