ডিফু, ৮ ডিচেম্বৰঃ সমাগত ২০২১ চনৰ নিৰ্বাচনৰ মন্ত্ৰণালৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মহা সচিব জীতেন্দ্র সিঙে ৰাজ্যৰ ইমুৰৰ পৰা সিমূৰলৈ ঘূৰি দলীয় কৰ্মী সৈতে মাৰাথান বৈঠকত মিলিত হোৱা পৰিলক্ষিত হৈছে ৷ সেই অনুসৰি মঙলবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হােৱা এখন দলীৰ যুটীয়া বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্রহণ কৰে প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক গৰাকীয়ে ।
ডিফুৰ আৰবৰেটাম কাম ক্রাফট চেন্টাৰত মঙলবাৰে কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত এই সভা ৷ সভাত জীতেন্দ্র সিঙে সমাগত নির্বাচনৰ প্রাকক্ষণত দলটোৰ বুথ সমিতিৰ কর্মকর্তাসকলে পালন কৰিবলগীয়া দায়িত্ব সম্পর্কে বিস্তৃতভাবে ব্যাখ্যা আগবঢ়ায় ।
সভাৰ ভাষণত দলৰ ইস্তাহাৰ কোনাে হােটেল অথবা আৱর্ত ভৱনত নহয় বৰঞ্চ সাধাৰণ জনতাৰ মাজত থাকি প্রস্তুত কৰিব লাগিব বুলি মন্তব্য কৰে জীতেন্দ্র সিঙে । তদুপৰি সাধাৰণ জনতাই অসমৰ সকলাে ক্ষেত্রতে মাফিয়া কৰ ভৰিবলগীয়া হােৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে জনতাৰ সমস্যাৰ পৰিৱর্তে ধর্মক লৈহে ৰাজনৈতিক সমূহৰ মাজত অধিক চর্চা হােৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷
ইফালে, অসমৰ কংগ্রেছ দলৰ সম্পাদক গৰাকীয়ে এ আই ইউ ডি এফ দলৰ সৈতে কোনাে আনুষ্ঠানিক মিত্রতা হােৱা নাই বুলি স্পষ্ট কৰি দিয়ে ৷ সমান্তৰালভাৱে অসমৰ সকলােৰ বাবে মিত্ৰতাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ দুৱাৰ খােলা আছে বুলিও মত প্ৰকাশ কৰে নেতা গৰাকীয়ে ।
উল্লেখ্য যে, সভাত ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ লগতে সভাপতি ৰিপুন বৰা, প্রাক্তন সাংসদ আৰ পি শর্মা, প্রদেশ যুব কংগ্রেছৰ সভাপতি কামৰুল চৌধুৰী, প্রাক্তন সাংসদ বীৰেণ ছিং ইংতি আদি উপস্থিত থাকে । সভা আৰম্ভ হােৱাৰ পূর্বে দলটোৰ শীর্ষ নেতৃত্বৰ অংশ গ্রহণেৰে কংগ্রেছ দলৰ নেতা-কর্মীসকলে সংশোধিত কৃষি আইনৰ বিৰোধিতা কৰি প্রধানমন্ত্ৰী নৰেন্দ্র মােদীৰ পুত্তলিকা দাহ কৰি প্রতিবাদ সাব্যস্থ কৰে ৷
লগতে পঢ়কঃফকিৰাগ্ৰামৰ অন্তিমখন নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হাগ্ৰামা