ETV Bharat / state

MAC Club Football Tournament: এমএচি কাপ ফুটবল প্ৰতিযোগিতাত কৰকাণ্ঠিৰ খিতাপ

author img

By

Published : Feb 1, 2023, 8:12 PM IST

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাত টাই ব্ৰেকাৰত কৰকাণ্ঠি দলে লুম্বাজঙক ৬-৫ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূডান্ত খিতাপ অৰ্জন কৰে । কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাখনি অনিষ্ঠিত হয় (Karbi Anglong Sports Association)।

MAC Club Football Tournament
এমএচি কাপ ফুটবল প্ৰতিযোগিতাত কৰকাণ্ঠিৰ খিতাপ
আন্তঃএমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা

ডিফু, ১ ফেব্ৰুৱাৰী:যোৱা ১৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে ডিফুৰ কাছা খেল পথাৰত অনুষ্ঠিত দ্বিতীয় আন্তঃএমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে সামৰণি পৰে (Inter MAC Club Prize money Football Tournament)। কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত আয়োজিত এই আন্তঃএমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় (Karbi Anglong Autonomous Council)। চূড়ান্ত খেলখনত টাই ব্ৰেকাৰত কৰকাণ্ঠি দলে লুম্বাজং দলক ৬-৫ গ'লৰ ব্যৱধানত পৰাজিত কৰি খিতাপ দখল কৰে ৷

তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে উজ্জীৱিত খেল প্ৰদৰ্শন কৰে (Football Tournament at Diphu) ৷ খেলৰ প্ৰথমাৰ্ধত ৩৮ মিনিটত লুম্বাজং দলৰ হৈ কেলভিন ছনতেই এটা গ'ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে ৷ ইয়াৰ পিছতে খেলৰ দ্বিতীয়াৰ্ধৰ ৮২ মিনিটত কৰকাণ্ঠি দলে এটা পেনাল্টি শ্বটৰ সুযোগ লাভ কৰাত দলৰ হৈ কামছিং ৰংহাঙে গ'ল দিয়াত ১-১ ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷ নিৰ্ধাৰিত সময়ত খেলখন অমীমাংসিত হোৱাত অতিৰিক্ত ভাৱে ৩০ মিনিট খেলোৱা হয় ৷

অতিৰিক্ত সময়ত কোনো দলেই গ'ল কৰিবলৈ সক্ষম নোহোৱাত টাই ব্ৰেকাৰ পদ্ধিতিৰ সহায় লব লগীয়া হয় ৷ টাই ব্ৰেকাৰত কৰকাণ্ঠি দলে লুম্বাজং দলক ৬-৫ গল'ৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে লুম্বাজঙৰ হাৰং তিমুঙে ৷ কৰকান্ঠি দলৰ নংকুলেট ইংতিয়ে শ্ৰেষ্ঠ গ'লৰক্ষকৰ পুৰষ্কাৰ লাভ কৰে ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্ক'ৰাৰ সন্মান লাভ কৰে বৰজানৰ দেউৰী ক্ৰ'ই ৷ আনহাতে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে লুম্বাজঙৰ খেলুৱৈ কমলচন ৰংফাৰে ৷

খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ অধ্যক্ষ ৰাজু তিচৰ লগতে বিধায়ক দৰচিং ৰংহাঙ আৰু কেইবাগৰাকী ইএম এমএচি ৷ বিজয়ী দলে লাভ কৰে ট্ৰফীসহ তিনিলাখ টকাৰ চেক ৷ ইপিনে, বিজেতা দলে লাভ কৰে ট্ৰফীসহ ২ লাখ টকাৰ চেক ৷ তৃতীয় আৰু চতুৰ্থ স্থান প্ৰাপ্ত দলে লাভ কৰে ট্ৰফীসহ ক্ৰমে, ১ লাখ আৰু ৫০ হাজাৰ টকাৰ চেক । খেলখন পৰিচালনা কৰে হনছিং কিলিঙে ৷

লগতে পঢ়ক:Union Budget 2023: কেইমুহূৰ্তমানৰ পাছতে সদনত দাখিল হ’ব মোদী চৰকাৰৰ অন্তিমখন বিত্তীয় বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.