ETV Bharat / state

সীমিত কাৰ্যসূচীৰে ডিফুত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন - স্বাধীনতা দিৱস

শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ অনুষ্ঠান ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ৷

স্বাধীনতা দিৱস
স্বাধীনতা দিৱস
author img

By

Published : Aug 15, 2020, 5:25 PM IST

Updated : Aug 15, 2020, 7:07 PM IST

ডিফু, 15 আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলৰ ৫ টাকৈ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা ১১ ঘণ্টীয়া বন্ধৰ মাজতো শনিবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদযাপিত হ'ল 74 সংখ্যক স্বাধীনতা দিৱস ৷ মহামাৰী কৰ'ণাৰ বাবে অতি সীমিত কাৰ্যসূচীৰে জিলা প্ৰশাসনৰ উদ্যোগত, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ অনুষ্ঠান ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্তোলন কৰে ডিফুত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা ৷

সীমিত কাৰ্যসূচীৰে ডিফুত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তুলিৰাম ৰংহাঙৰ লগতে উপস্থিত থাকে সাংসদ হৰেণছিং বে', প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ই.এম আৰু এম.এচিকে ধৰি জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী ৷ সীমিত কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন কৰাৰ বাবেই শনিবাৰে অনুষ্ঠিত স্বাধীনতা দিৱসত বাতিল কৰা হ'ল জোৱান, এন চি চি, ছাত্ৰ-ছাত্ৰী সকলৰ কুছ-কাৱাজৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ পুৱাৰ ভাগত চহৰখনৰ ভিন্ন বিদ্যালয়-মহাবিদ্যালয় সমূহৰ লগতে, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহতো অনুষ্টুপীয়া কাৰ্যসূচীৰে পতাকা উত্তোলন কৰিয়েই সামৰণি মাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

আনহাতে ৰাজহুৱা স্থানত পতাকা উত্তোলনৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে আন আন ব্যক্তি সকলে ডিফু চহৰস্থিত গান্ধী উদ্যানত থকা গান্ধী মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ৰাজহুৱা পতাকা উত্তোলন কৰি দিয়া ভাষণত তুলিৰাম ৰংহাঙে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত আলোকপাত কৰাৰ লগতে কাৰ্বি আংলঙত হোৱা ভিন্ন উন্নয়নমূলক কামৰ খতিয়ান ডাঙি ধৰে ৷ ইয়াৰোপৰি ডিফু নদীত বিজ্ঞানসন্মতভাৱে কাম কৰি চহৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধৰ চেষ্টা কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত ডিফু চহৰৰ ফৰেইন গুডছ মাৰ্কেটৰ একাংশ ব্যৱসায়ীয়ে চহৰখনক বেলুন আৰু পতাকাৰে সজাই তোলাৰ লগতে, পথাচাৰী সকলক পায়স বিতৰণ কৰে ৷

লগতে পঢ়ক: মৰিগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Aug 15, 2020, 7:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.