ডিফু, ২৪ মে’ : ৰাজ্যজুৰি ড্ৰাগছ তথা অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম, উপ-পৰিদৰ্শক ক্ৰমে চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত খটখটী আৰক্ষীৰ এটা দলে খটখটীৰ টিলাবস্তিত অভিযান চলায় । উক্ত অভিযানত আৰক্ষীৰ দলটোৱে চাবোনৰ বাকচত লুকুৱাই থোৱা অৱস্থাত ২০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।
তদুপৰি হেৰ’ইনখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱককো আটক কৰিবলৈ সক্ষম হৈছে । ধৃত যুৱকজন মণিপুৰৰ চুগুনুৰ চানা টম্বা (২৫) বুলি চিনাক্ত কৰা হৈছে । জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য লক্ষাধিক টকাৰ হ’ব বুলি অনুমান কৰা হৈছে । বৰ্তমান আৰক্ষীয়ে আটকাধীন যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: অখিল গগৈ এজন মানসিক ৰোগী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা