ETV Bharat / state

Drugs seized in Karbi Anglong: কাৰ্বি আংলঙত ৬ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ - Drugs seized in Diphu Railway Station

কাৰ্বি আংলঙৰ ডিফু-লাহৰিজানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰৱৰাহকাৰী । উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে'লত ড্ৰাগছ সৰৱৰাহ। অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানতো আৰক্ষীৰ অভিযান (Drugs dealer arrested at Karbi Anglong)।

Drugs dealer arrested at Karbi Anglong
কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযান
author img

By

Published : Feb 1, 2023, 5:28 PM IST

কাৰ্বি আংলঙত ড্ৰাগছ বিৰোধী অভিযান

ডিফু, ১ ফেব্ৰুৱাৰী: ৰাজ্য়জুৰি অব্য়াহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam)। এই অভিযানৰ অংশৰূপে কাৰ্বি আংলং জিলাত বুধবাৰে পুৱাৰ ভাগত অবৈধ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত ডিফু আৰু লাহৰিজানৰ দুটা পৃথক স্থানত আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযানত চলায় । এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ হেৰ'ইন (Drugs seized in Karbi Anglong) ৷ পুৱাৰ ভাগত উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে'ল যোগে দুজন লোকে ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰি আৰক্ষী আৰু চিআৰপিএফে যৌথ অভিযানত চলায়ই সাফল্য় লাভ কৰে ।

জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ২০ বিএন চি আৰপিএফ ডিফু থানাৰ আৰক্ষীৰ সহযোগত ডিফু ৰে'ল ষ্টেচনত হেৰ'ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Diphu Railway Station) ৷ হেৰইনখিনিৰ ওজন ১ কেজি ৩৬ গ্ৰাম । এই হেৰ'ইনখিনি ৰাজস্থানৰ পৰা ৰে'লযোগে ডিফুলৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত লোক দুজন হৈছে ৰাজস্থানৰ চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধিৰাজ চলাংকি(৩০)।

আনহাতে ,আজি পুৱাৰ ভাগত আন এক অভিযানত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানতো উদ্ধাৰ হয় হেৰ'ইন (Drugs seized at Laharijan)। আৰক্ষীয়ে এই ঘটনাৰে জড়িত এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ গোপন খবৰৰ ভিত্তিত লাহৰিজানত লাহৰিজান পহৰা চকীত তালাচীত উদ্ধাৰ হয় বুজন পৰিমানৰ হেৰ'ইনখিনি ৷ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন গগৈৰ নেতৃত্বত চি ২০ চিআৰপিএফআৰু পহৰা চকীৰ আৰক্ষীয়ে এই অভিযানটো চলাইছিল ৷

তালাচীকালত AS 02 C 2548 নম্বৰৰ এখন টাটা ডিআই বাহনৰ পৰা উদ্ধাৰ হয় হেৰ'ইনখিনি ৷ ২৫ টা চাবোনৰ বাকচত সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল ৩০৪ গ্ৰাম হেৰ'ইন ৷ হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে ডবকাৰ ওচৰৰ হালধিআটিৰ আব্দুল মতিনৰ পুত্ৰ ফয়েজ উদ্দিন নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তিনিওটা সৰবৰাহকাৰীক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখেছে ৷ দুয়ো ঠাইতে জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য ৬ কোটিতকৈ অধিক টকা হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক:Asam Sahitya Sabha conference : শ্বেৰমান আলীয়ে সাহিত্য সভাৰ অধিৱেশনত শ্ৰমদান কৰাটো বিচাৰে ৰণোজ পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.