ETV Bharat / state

বিজেপিৰ আমোলত কাৰ্বি আংলঙত অভূতপূৰ্ব উন্নয়ণ হৈছে: মন্ত্ৰী হিমন্ত - কাৰ্বি আংলং

সোমবাৰে বকলীয়াঘাটত বিজেপি প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ সমর্থনত নির্বাচনী প্রচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰ্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এটা বিমান বন্দৰ নির্মাণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হিমন্তৰ ৷

himanta biswa sarma election rally
মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 29, 2021, 9:51 PM IST

ডিফু,29 মাৰ্চ: ডিফু বিধানসভা সমষ্টিৰ অন্তর্গত বকলীয়াঘাটত সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ডিফু আৰু হাওৰাঘাটৰ বিজেপি প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙৰ সমর্থনত নির্বাচনী প্রচাৰ চলায় মন্ত্ৰী হিমন্তই ৷

নিৰ্বাচনী সভাত তেওঁ কয় যে, বিজেপিৰ আমোলত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদত যিমানখিনি উন্নয়ন সাধন হৈছে, এনে উন্নয়ন পূর্বে কেতিয়াও হোৱা নাছিল ৷ এইবাৰ নির্বাচনত পাহাৰীয়া জিলাকেইখনৰ আটাইকেইখন আসনতে বিজেপি দলৰ প্রার্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে মন্ত্রীগৰাকীয়ে ।

ভাষণ প্রসংগত তেওঁ সকলো মহিলাকে অৰুণোদয় আঁচনিৰ সুবিধা প্রদান কৰাৰ লগতে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া, মহিলা আত্ম হায়ক গোটক দিয়া ধনৰ পৰিমাণ এক লাখৰ পৰা দুই লাখ টকালৈকে বৃদ্ধি কৰা, এই বছৰতে এক লাখ চৰকাৰী চাকৰি, মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীক প্রতিদিনে এশ টকাকৈ আর্থিক সাহার্য, কার্বি আংলং আৰু ডিমা হাছাও জিলাত দ্বিতীয় বিভাগত উত্তীর্ণ হোৱা ছাত্রীকো স্কুটী, ল’ৰাক বুলেট প্রদান কৰা আদি আঁচনিৰ কথা উল্লেখ কৰে ।

ইয়াৰোপৰি, পৰৱৰ্তী সময়ত কাৰ্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এটা বিমান বন্দৰ নির্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে মন্ত্ৰী হিমন্তই ।

লগতে পঢ়ক : 100 শতাংশ ভোটদানৰ লক্ষ্যৰে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.