ETV Bharat / state

Hailstorm at Karbi Anglong: শিলাবৃষ্টিৰ পাছতে তুষাৰ শুভ্ৰ আচ্ছাদন বকলীয়াঘাটত - Heavy hailstorm at Bakliaghat

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত প্ৰচণ্ড শিলাবৃষ্টি (Heavy hailstorm at Bakliaghat)। বহু সময় ধৰি হোৱা শিলাবৃষ্টিৰ ফলত ঠায়ে ঠায়ে দেখা গ'ল বৰফৰ আচ্ছাদন । বিশেষ ক্ষয়-ক্ষতিৰ খবৰ অহা নাই ।

Hailstorm at Karbi Anglong
শিলাবৃষ্টিৰ পাছতে বৰফৰ আচ্ছাদন বকলীয়াঘাটত
author img

By

Published : Dec 26, 2021, 8:26 PM IST

ডিফু,২৬ ডিচেম্বৰ : অনাবৃষ্টি, খৰাং, শীতৰ আগমনকে ধৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিয়েও নিজৰ ৰূপ সলাইছে । ইয়াৰ মাজতে শনিবাৰে নিশা কাৰ্বি আংলং জিলাত প্ৰকৃতিৰ অন্য এক ৰূপ দেখিবলৈ পোৱা গ'ল । বকলীয়াঘাটকে ধৰি ৰজা পথাৰ আদি অঞ্চলত নিশা প্ৰচণ্ড শিলাবৃষ্টি হোৱা দেখা যায় (Heavy hailstorm at Bakliaghat)।

Hailstorm at Karbi Anglong
শিলাবৃষ্টিৰ পাছতে বৰফৰ আচ্ছাদন বকলীয়াঘাটত

নিশা প্ৰায় ৯ মান বজাৰ পৰা ২০ মিনিট ধৰি শিল বৰষুণ হোৱা দেখা যায় অঞ্চলটোত । যাৰ ফলত বৰফৰ দেশত পৰিণত হয় সমগ্ৰ বকলীয়াঘাট, ৰজা পথাৰ অঞ্চল (Snow cover at Bakliaghat after hailstorm)। দেওবাৰ পৰ্যন্ত বৰফৰ টুকুৰাবোৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা দেখা যায় ।

বিশেষ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও এই শিল বৰষুণে এক প্ৰকাৰ বিশেষ আমেজ দি যায় বকলীয়াঘাটবাসীক । প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে বহুতে মোবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰখাও দেখা যায় । মুঠতে শিল বৰষুণে এক বিশেষ চৰ্চা লাভ কৰে সমগ্ৰ কাৰ্বি আংলং জিলাত ।

লগতে পঢ়ক : বাক্সাত স্বাস্থ্য বিভাগৰ সৌজন্যত ধঁপাত নিয়ন্ত্ৰণৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.