ETV Bharat / state

কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰক লৈ ডিফুত উত্তপ্ত পৰিস্থিতি

ডিফুত ক’ভিড 19ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ সষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাস্থলীত ডিফু থানাৰ আৰক্ষী অধিক্ষক চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

author img

By

Published : Sep 23, 2020, 8:11 PM IST

heated condition arise due to funeral service of corona patient at Diphu
কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰক লৈ ডিফুত উত্তপ্ত পৰিস্থিতি

ডিফু, 23 ছেপ্তেম্বৰঃ মঙলবাৰে কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত ডিফু বজাৰৰ শ্ৰীশ্ৰী শনি মন্দিৰৰ পুৰোহিত গৰাকীৰ মৃত্যু হয় ৷ বিগত কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল সপন চক্ৰৱৰ্তী নামৰ পুৰোহিত গৰাকী ৷ ইয়াৰ পিছতে ৰেপিড এন্টিজেন টেষ্টত তেখেতৰ দেহত ক’ভিড 19ৰ উপস্থিতি ধৰা পৰিছিল ৷ বুধবাৰে তেখেতৰ মৃতদেহৰ সৎকাৰৰ বাবে ডিফু ৰাজহুৱা শ্মশানঘাটলৈ নিয়াত শ্মশানঘাটৰ নিকটৱৰ্তী বাসিন্দা সকলে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰে ৷ ইয়াৰ পিছতেই মৃতদেহ সৎকাৰৰ বাবে অহা লোক আৰু স্থানীয় লোকৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত ডিফু থানাৰ আৰক্ষী অধিক্ষক চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উপস্থিত হয় ৷ আনহাতে, স্বপন চক্ৰৱৰ্তীৰ মৃতদেহটো শ্মশানলৈ আনি তেখেতৰ পৰিয়ালৰ চাৰিজনকৈ লোকক পিপিই কীট প্ৰদান কৰি আঁতৰি যায় স্বাস্থ্যবিভাগৰ লোকে ৷ যাৰ বাবে স্বাস্থ্যবিভাগৰ লোক অবিহনেই মৃতকৰ পৰিয়ালে পিপিই কীট পৰিধান কৰি মৃতদেহৰ সৎকাৰ সম্পন্ন কৰে ৷

লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.