ETV Bharat / state

অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ গোৰ্খা সন্মিলনীৰ

অসম গোৰ্খা সন্মিলীনৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে কৃষ্ণ প্ৰসাদ শৰ্মা আৰু ৰাজু ভট্টৰায় স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে জিলাখনৰ শান্তি আৰু উন্নয়ণৰ স্বাৰ্থত প্ৰস্তাৱিত শান্তি চুক্তিক আদৰণি জনায় ৷ শান্তি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কাৰ্বি আংলঙত বসবাস কৰি থকা গোৰ্খা সকলৰ সাংবিধানিক ভূমি অধিকাৰ, সামাজিক ৰাজনৈতিক যাতে পূৰ্বৰ দৰেই সুৰক্ষিত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে স্মাৰক পত্ৰযোগে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় ৷

gorkha sanmiloni
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ গোৰ্খা সন্মিলনীৰ
author img

By

Published : Jun 8, 2021, 9:53 PM IST

ডিফু, ৮ জুন : কাৰ্বি আংলঙৰ অস্ত্ৰ বিৰত উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তিৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত উপনীত হোৱাৰ লগে লগে পাহাৰীয়া এলেকাটোত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জিলাখনৰ আদিবাসীসকলে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি জিলাখনৰ আদিবাসী লোকসকলৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী কৰাৰ পিছতে গোৰ্খা সকলেও অনুৰূপ ধৰণে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

অসম গোৰ্খা সন্মিলীনৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে কৃষ্ণ প্ৰসাদ শৰ্মা আৰু ৰাজু ভট্টৰায় স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে জিলাখনৰ শান্তি আৰু উন্নয়ণৰ স্বাৰ্থত প্ৰস্তাৱিত শান্তি চুক্তিক আদৰণি জনায় ৷ লগতে সন্মিলনীয়ে স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি পাহাৰীয়া জিলাখনত স্বাধীনতাৰ পূৰ্বৰে পৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে 'গ্ৰেজিং পাৰমিশ্যন' লৈ বসবাস কৰি আহিছে ৷ যাৰবাবে বৰদলৈ আয়োগৰ পৰামৰ্শ অনুসৰি অসম চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা যোগে গোৰ্খা সকলক পাৰ্বত্য জনজাতি, ভৈয়াম জনজাতি, চাহ জনজাতি সন্থা সকলৰ সৈতে সম মৰ্যাদাৰে প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা প্ৰদান কৰিছিল ৷

পাহাৰীয়া এলেকাটোৰ বিভিন্ন সামাজিক, ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰতি গোৰ্খাসকলৰ গুৰুত্বপূৰ্ণ অৱদান থকা বুলি উল্লেখ কৰি কয় যে ৰাজ্যখনৰ সীমামূৰীয়া এলেকা ব্লক-১, ব্লক-২ আৰু নাগালেণ্ড সীমান্তৰ ধনশিৰি এলেকাত বসবাস কৰি গোৰ্খা সকলেই জিলাখনৰ সীমান্ত এলেকা সুৰক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে ৷

সেয়েহে শান্তি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কাৰ্বি আংলঙত বসবাস কৰি থকা গোৰ্খা সকলৰ সাংবিধানিক ভূমি অধিকাৰ, সামাজিক ৰাজনৈতিক যাতে পূৰ্বৰ দৰেই সুৰক্ষিত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে স্মাৰক পত্ৰযোগে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক:চাপৰত বন্ধন বেংকৰ সজাগতা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.