ডিফু, ২৭ জুন: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে (Assam police) জেহাদ ঘোষণা কৰাৰ পাচত কৰ্তব্যত সততাৰ পৰিচয়ৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs) উদ্ধাৰ কৰি নিশাটোৰ ভিতৰতে হিৰ' হৈ পৰা গৃহৰক্ষী জোৱান বৰচিং বে'(Borsing Bey)ৰ চৰ্চা চলি থকাৰ মাজতে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । ইতিমধ্যে বহু স্থানত অভিযান চলাই আৰক্ষীয়ে কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । লগতে গ্ৰেপ্তাৰ হৈছে এই কাৰ্যৰ লগত জড়িত বহু লোক ।
বিশেষকৈ ট্ৰাকসমূহ ড্ৰাগছ সৰবৰাহৰ মূল আহিলা হিচাপে গ্ৰহণ কৰা দেখা গৈছে ড্ৰাগছ ব্যৱসায়ীসকলক । সেয়ে অসম আৰক্ষীয়েও ট্ৰাকবোৰত সঘনাই চলাইছে অভিযান । এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত দুখনকৈ ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছ আৰু গাঞ্জাৰ (cannabis) বিৰুদ্ধে লাভ কৰিছে এই দুটা উল্লেখযোগ্য সফলতা ৷ একেদিনাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২০.৭৬০ কি:গ্ৰা: গাঞ্জাৰ লগতে ৩৫ গ্ৰাম হেৰ'ইন ।
প্ৰাপ্ত খবৰ অনুসৰি, বোকাজানৰ লাহৰিজান নাকা তালাচীত জব্দ হয় ২০.৭৬০ গ্ৰাম গাঞ্জা । AS-০১-KC-৯১৬৩ নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় ৪ পেকেট গাঞ্জা জব্দ কৰা হয় । এই সন্দৰ্ভত ইতিমধ্যে ট্ৰাক চালক ৰাজেশ্বৰ সিং আৰু গাড়ীখনৰ মালিক টনাবাম টাচকেনক আটক কৰিছে আৰক্ষীয়ে । দুয়োৰে ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিব পৰা গৈছে ।
অন্যহাতে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বোকাজানৰ গান্ধীবস্তিত উদ্ধাৰ কৰে ৩৫ গ্ৰাম হিৰ'ইন (Heroin) । MN ০১ ৯৬৮৫ নম্বৰৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩ টা চাবোনৰ বাকচ য'ত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি । ধৃত ড্ৰাগছ সৰবৰাহকাৰী নাওবা সিং আৰু মাংগিযাও সিঙক ইতিমধ্যে আটক কৰে আৰক্ষীয়ে ।
এই দুজনৰো ঘৰ মণিপুৰৰ ইম্ফলত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । উল্লেখ্য যে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, মনোজ্জল গগৈ, মব্লিক ব্ৰহ্ম আৰু চৰণ মোহন সিং চেতিয়াৰ নেতৃত্বত চলিছিল এই অভিযান । দুয়োটা ঘটনা সন্দৰ্ভতে আৰক্ষী তদন্ত আৰম্ভ কৰিছে ।