ডিফু, 20 নৱেম্বৰ : ক্ৰীড়াৰ ক্ষেত্ৰখনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ ৷ শুকুৰবাৰে মৰিগাওঁ জিলাৰ ভুৰবন্ধা খেলপথাৰত অনুষ্ঠিত হোৱা 24 সংখ্যক সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপত জিলাখনৰ মহিলা ফুটবল দলটোৱে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷
ইয়াৰ পাচতে জিলাখনৰ মহিলা ফুটবল দলৰ চাৰিগৰাকী খেলুৱৈ সৰ্বভাৰতীয় চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হয় ৷ নিৰ্বাচিত খেলুৱৈসকল ক্ৰমে ছৈনজিলা কেম্প্ৰাই, ছোনিয়া মাৰাক, লিৰবন টিচপী, আৰু মেঘাস্মিতা ক্ৰপী ৷
উল্লেখ্য যে, সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই এইসকল খেলুৱৈক কেৰালাত অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল চেম্পিয়নশ্বিপ (All India Senior Woman Football Championship)ৰ বাবে নিৰ্বাচিত হৈছে ৷
এই চাৰিজনীয়া খেলুৱৈৰ দলটো আগন্তুক 22 নৱেম্বৰত কেৰালালৈ বুলি ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এই খবৰে কাৰ্বি আংলঙ জিলাত ক্ৰীড়াৰ জগতখনত এক নতুন আশাৰ সঞ্চাৰৰ কৰিছে ৷
লগতে পঢ়ক : ISL 2021-22: এ টি কে মোহন বাগানৰ মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ