ETV Bharat / state

ডিফু-লামডিঙ পথৰ ১১ কিলোত পুণৰ বনবিভাগৰ উচ্ছেদ - Assam eviction drive

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ বনবিভাগ । কাৰ্বি আঙলঙৰ ডিপু লামডিং পথৰ বনাঞ্চলত পুনৰ বনবিভাগৰ উচ্ছেদ অভিযান (Assam forest department eviction drive against encroachers) ।

eviction-at-diphu-lumding-path-forest
ডিফু-লামডিঙ পথৰ ১১ কিলোত পুণৰ বনবিভাগৰ উচ্ছেদ
author img

By

Published : Mar 20, 2022, 7:34 PM IST

ডিফু, ২০ মাৰ্চ: কাৰ্বি আংলং জিলাৰ ডিফু-লামডিঙ পথৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বেদখলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন বিভাগৰ পশ্ছিম বন সংমণ্ডল ৷ শুকুৰবাৰেও বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল অভিযান (eviction at forest area of diphu lumding road)।

যোৱা শুকুৰবাৰে এলেকাটোত এনে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ পিছত পুণৰ ডিফুৰ পশ্ছিম বন সংমণ্ডলৰ ৮ কিলোৰ বৃক্ষ উদ্যানৰ বীট অফিছাৰ ছাৰমন ছিংনাৰৰ নেতৃত্বত বনৰক্ষীৰ দলে ডিফু লামডিং পথৰ ১১ কিলোৰ তামোলবাৰী ডিচিআৰএফ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ বনবিভাগ

উক্ত বনাঞ্চলত অবৈধ আৰু অস্থায়ী ভাবে নিৰ্মান কৰি ওলিওৱা সৰু সৰু জুপুৰী ঘৰ সমূহ উচ্ছেদ কৰে বনবিভাগৰ অভিযানকাৰী দলে (Assam eviction drive) ৷ প্ৰায় শতাধিক সৰু সৰু নিৰ্মিয়মান জুপুৰীঘৰ বন বিভাগে উচ্ছেদ কৰে ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰেঞ্জাৰ মণ্ডল ইংলেঙে কয়যে, বিশেষকৈ ডিফু আদি অঞ্চলৰ একাংশ লোকে দিনে-ৰাতি বনাঞ্চলটোত বেদখল কৰি আহিছে ৷

তিনি -চাৰি বছৰৰ পৰা এই বেদখল অব্যাহত আছে ৷ বনাঞ্চলটো গণ বেদখল চলি আছে বুলি গতাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰেঞ্জাৰ গৰাকীয়ে ৷ এই বেদখলকাৰীৰ বিৰুদ্ধে বনবিভাগে নিয়মীয়া উচ্ছেদো চলাই গৈছে বুলি ৷ আজি উচ্ছেদ কাৰ্যত ৮০ জন বনকৰ্মী নিয়োগ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত উত্তেজনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.