ETV Bharat / state

কাৰ্বি আংলঙত পুনৰ শিশুসহ ৫ জন কৰ'ণাত আক্ৰান্ত

পাহাৰীয়া জিলা কাৰ্বি আংলঙত শিশু সহ ৫ জন কৰ'ণাত ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ইতিমধ্যে কোভিড- ১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত লোক কেইজনক ৷

Five New COVID-19 Positive Case At Karbi Anglong
কাৰ্বি আংলঙত পুনৰ শিশুসহ ৫ জন কৰ'ণাত আক্ৰান্ত
author img

By

Published : Jul 2, 2020, 8:05 PM IST

ডিফু, 2জুলাইঃ কাৰ্বি আংলঙত তিনিবছৰীয়া শিশুসহ ৫ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ আক্ৰান্ত লোক সকলক ইতিমধ্যে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰিছে স্বাস্থ্য বিভাগে ৷

Five New COVID-19 Positive Case At Karbi Anglong
কাৰ্বি আংলঙত পুনৰ শিশুসহ ৫ জন কৰ'ণাত আক্ৰান্ত

ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে পাহাৰীয়া জিলা কাৰ্বি আংলঙত এগৰাকী কণমানি শিশু, দুগৰাকী মহিলাকে ধৰি মুঠ ৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হয় ৷ অৱশ্যে আক্ৰান্ত আটাই কেইজনলোক বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত কোৰাৰেন্টাই হৈ আছিল গতিকে উক্ত কেন্দ্ৰ কেইটা স্বাস্থ্য বিভাগে পৰ্যবেক্ষণত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, আক্ৰান্ত লোক কেইজনৰ ভিতৰৰে ৰবিনচন ইংতি (২৩) নামৰ যুৱকজন চেন্নাইৰ পৰা আহি ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন হোষ্টেলত কোৱাৰেণ্টাইন হৈ আছিল ৷ আনহাতে বিহাৰৰ বাক্সা জিলাৰ পৰা অহা ডিফুৰ মনৰিকা জমাদাৰ (৪০), পূৰ্ণিমা দেৱী (২৮) আৰু পূৰব ৰাম(৩) ৱাইছং ছাত্ৰাবাসত কোৱাৰেণ্টাইন হৈ আছিল ৷ ইয়াৰ বিপৰীতে বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ চিলনীজানস্থিত নিৰ্মিয়মান ভৱনত কোৱাৰেণ্টাইনত থকা চিলনীজানৰ চয়ুপুৱেনী পাট্টন(২৭) নামৰ মহিলা গৰাকীৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোককে ইতিমধ্যে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কোভিড- ১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক- গোলাঘাটত ৬ গৰাকী চিকিৎসাকৰ্মীৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.