ডিফু, 6 আগষ্টঃ বৃহস্পতিবাৰে সন্ধিয়া মাঞ্জাৰ 7 মাইলৰ ওচৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা থানা এলেকাৰ 7 মাইলৰ ওচৰৰ ৰাম ইংহি গাঁৱত এটি কৃষক পৰিয়ালৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷
সন্ধিয়া প্ৰায় 5:15 বজাত ৰাম ইংহি গাঁৱৰ নিবাসী ছাৰছিং বে' নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা ৷ ছাৰছিং বে' সহ পৰিয়ালৰ লোক ঘৰত নথকা অৱস্থাত তিনিটা কোঠালীযুক্ত টিনৰ ঘৰটোত অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা আৰক্ষীৰ লগতে ডিফুৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপিৰ নেতৃত্বত দুখন অগ্নি নিৰ্বাপক বাহন সহ ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা কৰে যদিও ঘৰখনৰ ভিতৰত ছাৰছিং বে' পৰিয়ালৰ সকলো নথি - পত্ৰৰ লগতে প্ৰায় লক্ষ্যাধিক টকাৰ সা- সম্পত্তি জুইত জাঁহ যায় ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি অগ্নিকাণ্ডটো বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়কঃ ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ