ETV Bharat / state

গাঁওবুঢ়াই স্বীকাৰ কৰিলে ডকমকাৰ গণহত্যাৰ কথা

author img

By

Published : Oct 2, 2020, 9:02 PM IST

Updated : Oct 2, 2020, 9:39 PM IST

ডাইনী সন্দেহত ডকমকাত সংঘটিত হ'ল দুটাকৈ হত্যা ৷ এই কথা অকপটে স্বীকাৰ কৰিলে খোদ গাঁওবুঢ়াই ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ডকমকাৰ ডাইনী কাণ্ডৰ অন্যতম দুই অভিযুক্ত ক্ৰমে মানছিং গৌড় আৰু বাবুৰাম গোৱালাক আটক কৰিবলৈ সক্ষম হৈছে ।

অভি-নীলৰ পাচত এইবাৰ বিজয়-ৰমাৱতীক হত্যা ডকমকাত
ডাইনী সন্দেহত ডকমকাত সংঘটিত হ'ল দুটাকৈ হত্যা

ডিফু, 2 অক্টোবৰ : একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ঈৰ্শনীয় সফলতাৰ সময়তে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ডকমকা থানা এলেকাৰ দুৰ্গম অঞ্চলসমূহত এতিয়াও অন্ত পৰা নাই অন্ধবিশ্বাস ৷ ইটোৰ পাচত সিটো ডাইনী কাণ্ড সংঘটিত হৈ থকা এই অঞ্চলটোত 2018 চনত প্ৰাণ হেৰুৱাইছিল দুই যুৱক অভি-নীলে ৷ ডকমকাৰ একাংশ লোকৰ গণপ্ৰহাৰৰ বলি হৈ অতি কৰণভাৱে প্ৰাণ হেৰুৱাইছিল দুই সুঠাম যুৱকে ৷

বিজয়-ৰমাৱতীক হত্যা ডকমকাত
ডকমকা কাণ্ডৰ অভিযুক্ত

30 ছেপ্তেম্বৰৰ দিনাও সেই অঞ্চলৰে লাংহিঙৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হ'ল ঠিক একেধৰণৰ কাণ্ড ৷ গণপ্ৰহাৰৰ বলি হৈ এগৰাকী মহিলাসহ প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ একাংশ উন্মত্ত লোকে অন্ধবিশ্বাসৰ বলি হৈ গাঁওখনৰ ৰমাৱতী হালোৱা আৰু বিজয় গৌড়ক ডাইনীৰ সন্দেহত কোবাই কোবাই হত্যা কৰে ৷ ইয়াৰ পাচতে দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰাৰ লগতে পুজা আগবঢ়াই জ্বলাই দিয়ে ৷

বিজয়-ৰমাৱতীক হত্যা ডকমকাত
জনশূন্য হৈ পৰিল ডকমকা

এই ঘটনাৰ সাক্ষী হৈ ৰ'ল ৰমাৱতীৰ কন্যা যাক খেদি নিয়া হৈছিল হত্যা কৰিবলৈ ৷ কিন্তু সৌভাগ্যক্ৰমে ধাননিৰ আঁৰত লুকাই নিজৰ প্ৰাণ বচালে যুৱতীগৰাকীয়ে ৷ পুৱাই যুৱতীগৰাকী উপস্থিত হ'লগৈ আৰক্ষী থানাত ৷ এই ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীলৈ আহে ৷ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত তৎপৰতাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 8 জনক ৷ ৰুজু হৈছে ভাৰতীয় দণ্ডাবিধি আইনৰ 120 b/302/301/341/354/323 ধাৰাত 32/2020 নম্বৰত এটা গোচৰ ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ডকমকাৰ ডাইনী কাণ্ডৰ অন্যতম দুই অভিযুক্ত ক্ৰমে মানছিং গৌড় আৰু বাবুৰাম গোৱালাক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰে মানছিং গৌড় এগৰাকী তান্ত্ৰিক হোৱাৰ লগতে যোৱা বুধবাৰে ডকমকাৰ ৰহিমাপুৰ গাঁৱত দুগৰাকী নিৰীহ লোকক ডাইনী সজাই হত্যা কৰাৰ ঘটনাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ৷

লগতে পঢ়ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন

Last Updated : Oct 2, 2020, 9:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.